লখিমপুৰত দুবৃৰ্ত্তই চাহ গছ কটাৰ ঘটনাঃ বগীনদীত আৰক্ষীয়ে নহয় ৰাইজে খেদি খেদি ধৰিলে মূল অভিযুক্তক

0 8

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৪ মাৰ্চঃ লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত ভীমপৰা চাপৰিৰ হেঁচামৰাত যোৱা ৯ মাৰ্চত চাহ গছ কটা ঘটনাৰ লগত জড়িত মূল অভিযুক্ত এজনক আজি ৰাইজে ধৰি আৰক্ষীক চমজাই দিয়ে৷ বগীনদী বজাৰত বিদ্যাসিং চুংক্ৰাং নামৰ অভিযুক্তজনক একাংশ লোকে খেদি খেদি আটক কৰাৰ পিছত তেওঁক বগীনদী আৰক্ষীক চমজাই দিয়ে৷ দুৰ্ভাগ্যজনক কথা যে সেইদিনা প্ৰায় ৭ বিঘা মাটিৰ চাহ গছ কটা আৰু ট্ৰেক্টৰৰ ক্ষতিসাধন কৰা ঘটনাৰ লগত জড়িত দোষীক কৰায়ত্ত কৰাৰ বাবে বগীনদী আৰক্ষীয়ে হেমাহী কৰি অহাৰ অভিযোগ উত্থাপিত হোৱাৰ সময়তে আজি বজাৰত ৰাইজে মূল অভিযুক্ত লোকজনক কৰায়ত্ত কৰা ঘটনাই আৰক্ষীৰ ব্যৰ্থতাক উদঙাই তুলিছে৷ উল্লেখ্য যে বগীনদীৰ ক্ষুদ্ৰ চাহ খেতিয়ক তথা উদ্যোগী যুৱক ফটিক চুতীয়াই কেবামাহ পূৰ্বে ভীমপৰা চাপৰিৰ হেঁচামৰাত এজন লোকৰ পৰা লোৱা প্ৰায় সাত বিঘা ভূমিত চাহ পুলি ৰোপণ কৰিছিল৷ বিগত প্ৰায় তিনি মাহ পূৰ্বে তেওঁ এই চাহ পুলি সমূহ ৰোপণ কৰি প্ৰতিপালন কৰি অহাৰ সময়তে যোৱা ৯ মাৰ্চত ৩০-৪০ জনীয়া দুবৃৰ্ত্তৰ এটা দলে এই চাহপুলি সমূহ সম্পূৰ্ণৰূপে কাটি খাস্তাং কৰাৰ লগতে চাহপুলি সমূহ জ্বলাই দিয়ে আৰু এখন ট্ৰেক্টৰৰ ক্ষতিসাধন কৰে৷ বগীনদী আৰক্ষীয়ে অভিযুক্ত সকলৰ নাম তালিকা লাভ কৰিও তেওঁলোকক আটক কৰিব নোৱৰা কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More