লখিমপুৰত দেউৰী ছাত্ৰ সন্থাৰ বিক্ষোভ

উত্তাল প্ৰতিবাদ : শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী

0 19
শতাব্দ প্রতিনিধি, লখিমপুৰ  ২৭ মে : অসমৰ অনুসূচীত জনজাতি খিলঞ্জীয়া, জনগোষ্ঠী দেউৰী স্বায়ত্ত পৰিষদ শাসিত পৰিষদৰ সাংবিধানিক নিৰ্বাচনৰ দিন সম্পূর্ণ উকলি যোৱাৰ পাছতো অসমৰ  মুখ্যমন্ত্রীয়ে আজিকোপতি নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম দেউৰী ছাত্র সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে। সদৌ অসম দেউৰী ছাত্ৰ সন্থা, লখিমপুৰ জিলা সমিতিৰ স্পষ্ট মত  যদি কম সময়ৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত নকৰে তেন্তে পৰৱৰ্তি সময়ত সংগ্রামী প্রতিবাদী কার্যসূচী হাতত ল’বলৈ বাধ্য হ’ব বুলি সকীয়নি দিছে ছাত্ৰ সন্থাৰ সভাপতি ব্ৰিটিছ দেউৰী আৰু সম্পাদক উত্তম দেউৰীয়ে।ছাত্ৰ সন্থাৰ দাবী -চৰকাৰে দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অতি কম সময়ৰ ভিতৰত অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক লগতে দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নতুনকৈ সম্প্ৰসাৰণ হোৱা চাৰিটা সমষ্টিৰ ভিতৰত এটা সমষ্টি লখিমপুৰ জিলাই পোৱাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নতুন সমষ্টি কেইটা অতি শীঘ্ৰেই ঘোষণা কৰক। দেউৰী স্বায়ত্বশাসিত পৰিষদৰ সমষ্টিসমূহত ঘটি থকা দুর্নীতিৰ বিৰুদ্ধে স্ব-তদন্ত কৰি দুৰ্নীতিগ্রস্থ নেতাসকলক উচিত শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী তুলি সন্থাই মূল্যবৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা,দেউৰী জনগোষ্ঠীক ভাৰতীয় ষষ্ঠ অনুসূচিত অন্তর্ভূক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা, দেউৰী জনগোষ্ঠীয় বিদ্যালয় সমূহত দেউৰী ভাষাৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা, দেউৰী জনগোষ্ঠীয় লোকসকলে ভোগ-দখল কৰি থকা ভূমিসমূহৰ ভূমি পট্টা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা, শিক্ষীত দেউৰী জনগোষ্ঠীয় নিৱনুৱাসকলৰ নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰক। অসমৰ প্ৰাথমিক বিদ্যালয় সমূহত শ্ৰেণীৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা আদি দাবীসমূহ শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত লখিমপুৰ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে । সন্থাৰ আশা চৰকাৰে আমাৰ অনুভূতিবোৰ উপলব্ধি কৰি উল্লেখিত দাবীসমূহৰ সমাধানৰ পথ উলিয়াই দেউৰী সম্প্রদায়টোক আৰু উন্নতিৰ জখলাত বগাবলৈ উদ্‌গনি যোগাওক বুলি উল্লেখ কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More