লখিমপুৰত ধৃত চুলাই বেপাৰীয়ে পুনৰ বেহা চলোৱাত আবকাৰীৰ পৰা অনুমতিহে লাভ কৰে নেকি

 লখিমপুৰত বিষাক্ত চুলাই মদ সেৱন কৰি একেদিনাই মৃত্যু হৈছিল ২২ জনকৈ লোক

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ মাৰ্চঃ লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত এতিয়াও চুলাই মদৰ ৰমৰমীয়া বেহা চলি আছে৷ আবকাৰী বিভাগৰ আৰ্শীবাদতে অবৈধ চুলাই বেপাৰীয়ে এনেদৰে বেহা চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ বিশেষকৈ উত্তৰ লখিমপুৰ সদৰ চক্ৰৰ অন্তৰ্গত পানীগাঁও, আজাদ, সোণৰঢেকী, ৰংপুৰীয়া, ডিজু চাপৰি, কাকৈ, তেলাহী বান্তৌ আদিত এতিয়াও ৰমৰমীয়াকৈ চুলাই মদৰ বেহা অব্যাহত আছে৷ লখিমপুৰত কেবাবছৰ পূৰ্বে বিষাক্ত চুলাই সেৱন কৰি একেদিনাই ২০ জনৰো অধিক লোকৰ অকাল মৃত্যু ঘটাৰ পিছতো আবকাৰী বিভাগে চুলাই মদৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ লক্ষণীয় কথা যে সৰ্বসাধাৰণ লোকৰ চকুত পৰাকৈ মাজে সময়ে লখিমপুৰৰ আবকাৰী বিভাগে চুলাইৰ লগতে অবৈধ মদৰ বিৰুদ্ধে অভিযান চলালেও সেয়া যে ফুটুকাৰ ফেন সেই কথা প্ৰতীয়মান হৈছে শেহতীয়া এক ঘটনা ৰাজিয়ে৷ আবকাৰীয়ে ধৰি নিয়া চুলাই বেপাৰীয়ে ২-৩ দিনৰ পিছতে পুনৰ চুলাই মদৰ ব্যৱসায় চলাবলৈ লোৱাতো এতিয়া ৰহস্যজনক বিষয়ত পৰিণত হৈছে৷ প্ৰাপ্ত অভিযোগ অনুসৰি জিলা উপায়ুক্তক দাখিল কৰা ৰাজহুৱা অভিযোগৰ ভিত্তিত যোৱা ২৪ ফেব্ৰুৱাৰীত উত্তৰ লখিমপুৰ সদৰ চক্ৰৰ অন্তৰ্গত আজাদ গোহাইটেকেলা সমীপৰ ভোগমন শিলিখাগুৰিৰ পৰা মুকুতা বুঢ়াগোহাঁই নামৰ এজন লোকৰ লগতে কন বুঢ়াগোহাঁই নামৰ এগৰাকী মহিলাক আবকাৰীয়ে পুৱতি নিশা আটক কৰি অনাৰ পিছত ৰহস্যজনক ভাৱে সেইদিনাই বিয়লি দুয়োকে আবকাৰী বিভাগে এৰি দিয়ে৷ অভিযোগ উঠা অনুসৰি বৃহৎ পৰিমানৰ ধনৰ বিনিময়ত লখিমপুৰ সদৰ আবকাৰীয়ে দুয়োকে এৰি দিয়ে৷ সেই দিনা উক্ত স্থানত চুলাই মদৰ ভাটি উচ্ছেদ কৰি দুয়োকে ধৰি অনাৰ পিছতো কেনেদৰে দুয়োকে বিয়লি এৰি দিলে তাক লৈ ৰহস্যৰ সৃষ্টি হোৱাই নহয় এতিয়া ইয়াৰে মুকুতা বুঢ়াগোহাঁয়ে পুনৰ চুলাই মদৰ বেহা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ সেয়ে একাংশ লোকে সন্দেহ কৰিছে যে আবকাৰীয়ে চুলাই মদৰ বেপাৰীক ধৰি নি পুনৰ চুলাই মদ বনোৱাৰ বাবে অনুমতিহে প্ৰদান কৰে নেকি? লখিমপুৰৰ আবকাৰীৰ ক্ষেত্ৰত এয়া মাত্ৰ এটা সাধাৰণ উদাহৰণহে৷ নিতৌ এনেদৰেই লখিমপুৰৰ আবকাৰী বিভাগে ৰাইজক দেখুৱাইহে অবৈধ মদৰ ভাটি উচ্ছেদ কৰি আহিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More