লখিমপুৰত নিশা দুৰ্বৃত্তই জ্বলালে ২খন ডাম্পাৰ, ২খন ট্ৰাক আৰু ১খন জে চি বি সহ প্ৰায় ডেৰ কোটি টকাৰ সম্পত্তিঃ গ্ৰেপ্তাৰ- ১

0 13

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৮ ছেপ্টেম্বৰঃ লখিমপুৰ নগৰৰ খেলমাটিত যোৱা নিশা এক অভাৱনীয় কাণ্ড সংঘটিত হয়৷ এজন চালকে নিজৰ আখেজ পুৰাবলৈ গৈ নগৰখনৰ প্ৰতিষ্ঠিত ব্যৱসায়ী জ্যোতি প্ৰসাদ হাজৰিকাৰ [জোন] কেবাখনো মূল্যবান বাহন জ্বলাই দিয়া ঘটনাই নগৰখনত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ঘটনাৰ বিৱৰণীত প্ৰকাশ যে ২৭ ছেপ্টেম্বৰৰ নিশা প্ৰায় ১০ বজাত জ্যোতিপ্ৰসাদ হাজৰিকাৰ খেলমাটিত থকা এম এছ ৰবিন শ্ব’ মিলৰ চৌহদত ৰাখি থোৱা দুখন ডাম্পাৰ, দুখন ট্ৰাক আৰু এখন জেচিবি দুবৃৰ্ত্তই জ্বলাই দিয়ে৷ পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰে যদিও উক্ত বাহনকেইখন জ্বলাই দিয়ে৷ এই ঘটনাৰ পিছত ব্যৱসায়ীজনে তেওঁৰ এজন প্ৰাক্তন চালকৰ ওপৰত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে NLP Caseনং. ৫২৬/২২, ইউ/এচ ১২০(B)৪৪৭/৪৩৫/৪৩৬/৪৩৮/৪২৭ IPC ৰ অধীনত গোচৰ ৰুজু কৰি ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰিছে৷ গ্ৰেপ্তাৰ কৰা পূৰ্বৰ ডাম্পাৰ চালকজন হৈছে খেলমাটি চানমাৰি নিবাসী নাছিৰ হুছেইন৷ উক্ত ডাম্পাৰ চালকজনে ব্যৱসায়ীজনৰ ওপৰত প্ৰতিশোধ পৰায়ণ মনোভাৱ লৈ এনে কাৰ্য সংঘটিত কৰে বুলি ব্যৱসায়ীজনে অভিযোগ তুলিছে৷ নিশা ৰবিন শ্ব’ মিলৰ চৌহদত যোৱানিশা নাছিৰ হুছেইনে অনাধিকাৰ প্ৰৱেশ কৰি চৌহদত ৰখাই থোৱা এ এছ ০৭ চি ৪৪৮৬ নম্বৰৰ প্ৰায় ৪০ লাখ টকা মূল্যৰ ১২ চকীয়া এখন ট্ৰাক আৰু এ এছ ০৭ চি ০৮২৩ নম্বৰৰ প্ৰায় ৪০ লাখ টকা মূল্যৰ আন এখন ট্ৰাক, এ এচ ০১ এল ৪৪৯৮ নম্বৰৰ প্ৰায় ৩৮ লাখ টকা মূল্যৰ এখন জেচিবি, এ এচ ০৭ এ চি ৯৭২৫ নম্বৰৰ ৩৮ লাখ টকা মূল্যৰ এখন ডাম্পাৰ, এ এচ ০৭ এ চি ২৪৪৫ নম্বৰৰ প্ৰায় ৩৮ লাখ টকীয়া ১০ চকাৰ এখন ডাম্পাৰ জ্বলাই দিয়ে৷ গাড়ীকেইখনত কেৰাচিন আৰু ডিজেল ঢালি জ্বলাই দিয়া বুলি আৰক্ষীয়ে ইতিমধ্যে তথ্য লাভ কৰিছে৷ এই ঘটনাত ব্যৱসায়ীজনৰ প্ৰায় ১ কোটি ৩০ লাখ টকাৰ সা-সম্পত্তি ক্ষতিসাধন হয় বুলি উল্লেখ কৰিছে৷ কিছুদিনৰ পূৰ্বে নাছিৰ হুছেইন নামৰ ডাম্পাৰ চালকজনক ব্যৱসায়ী জ্যোতিপ্ৰসাদ হাজৰিকাই কামৰ পৰা অব্যাহতি দিয়াৰ বাবেই পূৰ্বৰ চালকজনে এনে কাৰ্য কৰা বুলি সন্দেহ কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More