লখিমপুৰত নিশা ৰেলৱে ষ্টেচনত দুষ্ট চক্ৰ গ্ৰেপ্তাৰঃ ৭ জনক জেললৈ

0 21

শতাব্দ প্ৰতিনিধি ,লখিমপুৰ ২২ মে : উত্তৰ লখিমপুৰ সদৰ আৰক্ষীয়ে যোৱা নিশা লখিমপুৰ ৰেলৱে ষ্টেচনত অভিযান চলাই এটা বৃহৎ নাৰী সৰবৰাহকাৰী চক্ৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । এই দলটোত ৰাজস্থানৰো কেইবাজনো লোক জড়িত হৈ আছিল । ঘটনাৰ বিবৰণী অনুসৰি যোৱা নিশা লখিমপুৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত নিশা ৰেলৱে ষ্টেচনত অভিযান চলাই ৰাজস্থানৰ আজাদ নগৰৰ ৰমেশ কুমাৰ ডুবে, আজাদ পাৰিক, মহেশ কুমাৰ কাঁনৱাল, বলবিন্দৰ সিং, আচাদ আলি সিঙৰ লগতে লখিমপুৰ জিলাৰ পানীগাঁৱৰ লখিমী কেওট, হাৰমতীৰ মৌচুমী দত্তক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত 255/22 নম্বৰত গোচৰ পঞ্জীয়ন কৰি অনুসন্ধান অব্যাহত ৰখাৰ লগতে আটাইকেজনক জেললৈ প্ৰেৰণ কৰিছে । আৰক্ষীয়ে জনোৱা মতে বৃহৎ পৰিমাণৰ ধনৰ লেনদেনেৰে চক্ৰটোৱে ৰাজস্থানলৈ নাৰী সৰবৰাহ কৰি আহিছিল ।

 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More