লখিমপুৰত নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযান

1 25

উত্তৰ লখিমপুৰ, ১৯অক্টোৱৰঃ সমগ্ৰ জিলা খনৰ লগতে আজি লখিমপুৰ জিলাৰ পহুমৰাত ৰঙানদীৰ দলঙৰ সমীপত ভাৰত চৰকাৰে ঘোষণা কৰা স্বচ্ছ ভাৰত অভিযান-২.০ৰ অংশস্বৰূপে উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত লখিমপুৰ বালিকা মহাবিদ্যালয় এন.এছ.এছ.গোট আৰু লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ এন.এছ.এছ. গোটৰ সহযোগত আজি এক চাফাই কাৰ্যসূচী ৰূপায়ন কৰা হয় ।IMG 20221019 WA0017তেওঁলোকে ৰঙা নদীৰ পাৰত প্ৰদূষিত প্লাষ্টিক জাতীয় সামগ্ৰীৰ লগতে জাৱৰ সমূহ পৰিষ্কাৰ কৰে।আজি উক্ত স্বচ্ছ ভাৰত অভিযান-২.০ কাৰ্যসূচীৰ জৰিয়তে ৰাইজৰ মাজত স্বচ্ছতা সম্পৰ্কে সজাগতা সৃষ্টি কৰা হয় ।উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত লখিমপুৰ বালিকা মহাবিদ্যালয় এন.এছ.এছ.গোট আৰু লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ এন.এছ.এছ. গোটৰ সহযোগত ৰূপায়ন কৰা আজিৰ স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচীত উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ যুৱ সমন্বয়ক সুজাতা ভৌমিক, লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যাপক ড° ত্ৰিনয়ন দত্ত, উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ ৰূপমজ্যোতি চেতিয়া, ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱক নৱজ্যোতি বৰা, হেমন্ত নাথ, চয়নিকা দত্ত, বিতু গগৈ, অৰুণ ঙাটে, জিণ্টু গগৈ, লখিমপুৰ বালিকা মহাবিদ্যালয় এন.এছ.এছ. গোট আৰু লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয় এন.এছ.এছ. গোটৰ সদস্য সকলে অংশগ্ৰহণ কৰে ।উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত লখিমপুৰ বালিকা মহাবিদ্যালয় আৰু লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ এন.এছ.এছ.গোটৰ সহযোগত হাতত লোৱা আজিৰ কাৰ্যসূচীৰ বাবে সচেতন লোক সকলে প্ৰশংসা কৰে।

১ টা মন্তব্য
  1. Avatar of Jintu Gogoi
    Jintu Gogoi says

    সুন্দৰ পদক্ষেপ

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More