লখিমপুৰত প্ৰধানমন্ত্ৰী, শক্তিমন্ত্ৰী, মুখ্য মন্ত্ৰী, এন এইছ পি চিৰ প্ৰতিকৃতি দাহ
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়াৱহ ভূমিস্খলনৰ ঘটনাক লৈ উত্তপ্ত লখিমপুৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ ছেপ্টেম্বৰঃ অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত নিৰ্মীয়মান অৱস্থাত থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ানক ভূমিস্খলনৰ ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি উত্তপ্ত হৈ পৰিছে লখিমপুৰ । ২০২৩ চনৰ আগষ্ট মাহত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ বাবে দম্ভালি মৰা প্ৰকল্পটোত শেহতীয়াকৈ এটাৰ পাছত এটাকৈ ভূমিস্খলনৰ দৰে ঘটনা হোৱাত ৰাইজ আতংকিত হৈ পৰাৰ সমান্তৰালকৈ বান্ধ বিৰোধী সন্থা সংগঠন সমূহ ক্ষোভিত হৈ পৰিছে । ইতিমধ্যে সোৱণশিৰিৰ ভয়াবহ ৰূপ দেখি এন এইছ পি চিয়ে বান্ধ নিৰ্মাণৰ কাম বন্ধ কৰাৰ সমান্তৰালকৈ বান্ধ নিৰ্মাণৰ কামত নিয়োজিত কেবা সহস্ৰাধিক শ্ৰমিকৰ লগতে বান্ধ নিৰ্মাণত ব্যৱহাৰ কৰা সামগ্ৰী, যন্ত্ৰ পাতি নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে । শেহতীয়াকৈ এন এইচ পি চিৰ তথাকথিত অত্যাধুনিক নিৰ্মাণ শৈলীৰ অহংকাৰক তচ-নচ কৰি পুনৰ সোৱণশিৰি নদীয়ে বিৰাটকায় পাহাৰ আৰু পাহাৰটোত নিৰ্মাণ কৰা কংক্ৰিটৰ ডাইভাৰচন টানেল, প্ৰকল্পৰ গাৰ্ড ৱাল খহাই নিয়াত পৰিস্থিতি বিষম হৈ পৰিছে আৰু তেওঁলোকৰ অত্যাধুনিক নিৰ্মাণ শৈলীৰ ওপৰত পুনৰ প্ৰশ্নৰ অবতাৰণা হৈছে। এনে পৰিস্থিতিৰ মাজতে আজি লখিমপুৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বন্ধৰ দাবীত, দেশৰ প্রধান মন্ত্রী, কেন্দ্রীয় শক্তি মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী,এন এইছ পি চিৰ প্ৰতিকৃতি দাহ কৰি পৃথকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতি আৰু লখিমপুৰ জিলা ছাত্ৰ সন্থাই । নামনি সোৱণশিৰি প্ৰকল্পত ভয়াৱহ ভূমিস্খলন হৈ এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱাৰ পাছতে লখিমপুৰ-ধেমাজি আৰু মাজুলীৰ সুৰক্ষাৰ স্বাৰ্থত বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে গেৰুকামুখত সোৱণশিৰিৰ প্ৰলয়ৰ পাছতে লখিমপুৰ-ধেমাজিত বিভিন্ন জাতীয় সংগঠনে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে । প্ৰকৃতিৰ ৰুদ্ৰ ৰূপে এন এইছ পি চিৰ দৰ্প চূৰ্ণ কৰাৰ পাছত এতিয়া এন এইছ পি চি থমকি ৰবলৈ বাধ্য হৈছে ।