লখিমপুৰত প্ৰয়াত ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ স্মৃতিচাৰণ

0 50

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৭ মেঃ প্ৰচুৰ মেধা আৰু বৈচিত্ৰ্যময় জীৱন চৰ্যাৰে যোৱা ১৩ মেত জীৱন নাটৰ সামৰণি পেলোৱা প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ আজি এক স্মৃতিচাৰণ অনুষ্ঠান উত্তৰ লখিমপুৰৰ “বিয়লি”ত অনুষ্ঠিত হয়। গীতাচাৰ্য পুৰন্দৰ বৰুৱাৰ বন্তি প্ৰজ্বলন আৰু বিনয় বৰুৱাৰ সংস্কৃত শ্লোক পৰিৱেশনৰে আৰম্ভ হোৱা অনুষ্ঠানত বিয়লিৰ ফালৰ পৰা প্ৰস্তুত কৰা এখন স্মৃতিচাৰণ পত্ৰ হাজৰিকাৰ পুত্ৰ গৌতম হাজৰিকাৰ লগতে পৰিয়ালবৰ্গক প্ৰদান কৰা হয়। WhatsApp Image 2024 05 27 at 10.19.08 PMডাঃ নৱকৃষ্ণ ৰাজখোৱাই আঁত ধৰা অনুষ্ঠানত লখিমপুৰৰ মৈত্ৰী আশ্ৰমৰ মহিলাসকলে প্ৰাৰ্থনা পৰিৱেশন কৰে। চন্দ্ৰমা তামূলী ফুকন শইকীয়াই বৰগীত পৰিৱেশন কৰে। স্মৃতিচাৰণ অনুষ্ঠানত ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ সহপাঠী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি বিশ্ব বৰুৱাই স্কুলীয়া জীৱনৰ পৰা লগ পোৱা হাজৰিকাৰ অসাধাৰণ বুদ্ধিমত্তা, মেধা আৰু ৫০ চনৰ ভূঁইকঁপৰ সময়ত পিঠিত সাহায্য সামগ্ৰী লৈ পদব্ৰজে বগীনদীত বিতৰণ কৰাৰ সেই অবিস্মৰণীয় মুহূৰ্তসমূহক ব্যক্ত কৰে। অনুষ্ঠানত পুৰন্দৰ বৰুৱাই সংস্কৃত শ্লোকেৰে স্মৃতিচাৰণ কৰাৰ লগতে বাৰ্ধক্য, জৈৱিক মৃত্যু, ক্লিনিকেল মৃত্যু সম্পৰ্কেও সাৰুৱা বক্তব্য আগবঢ়ায়। অনুষ্ঠানত আছাবুৰ ৰহমানে কয় যে ঈশ্বৰ প্ৰসন্ন হাজৰিকাই বৰ অসমৰ ভিতৰতে ১৯৫২ চনত মেট্ৰিক পৰীক্ষাত প্ৰথম স্থান লাভ কৰি বিৰল কৃতিত্ব অৰ্জন কৰিছিল। লখিমপুৰৰ গৌৰৱ হাজৰিকাৰ কৰ্ম জীৱনৰ সন্দৰ্ভতো তেওঁ বিস্তৃতভাবে আলোকপাত কৰে। অনুষ্ঠানত প্ৰাক্তন অধ্যক্ষ পদ্ম শৰ্মাই ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ মেধা, যশ-খ্যাতিক লৈ লখিমপুৰীয়া ৰাইজে স্মৃতিচাৰক কৰা কাৰ্যক প্ৰশংসা কৰে। আজিৰ অনুষ্ঠানত প্ৰয়াত হাজৰিকাৰ ভ্ৰাতৃ বিৰিঞ্চি প্ৰসন্ন হাজৰিকাৰ লগতে পৰিয়ালবৰ্গই অংশগ্ৰহণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More