লখিমপুৰত বলেৰ’- ভলভ’ বাছৰ মুখামুখি সংঘৰ্ষ ঃ এজনৰ অৱস্থা সংকটজনক

0 17

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩০ মে’ ঃ আজি দুপৰীয়া লখিমপুৰ জিলাৰ কদম টেঙাবস্তিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন বাহনৰ ভয়াৱহ মুখামুখি সংঘৰ্ষ লাগে৷ এই ঘটনাত এজন লোক গুৰুতৰ ভাৱে আহত হোৱাৰ পিছত তেওঁক ততালিকে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয়৷ প্ৰাপ্ত খবৰ অনুসৰি আজি দুপৰীয়া প্ৰায় ১২ মান বজাত পাচিঘাটৰ পৰা কোচবিহাৰ অভিমুখে যাত্ৰী হৈ আহি থকা ভলভ’ বাছখনে [এ আৰ ০১ এইচ ৮৯৬৮] লখিমপুৰৰ পৰা বগীনদী অভিমুখি এ এচ ০৬ ভি ৪৭১২ নম্বৰৰ বলেৰ’ খনৰ লগত প্ৰচণ্ড জোৰত মুখামুখি খুন্দা লাগে৷ লগে লগে বলে’খন তলৰ খাৱৈলৈ নামি যোৱাৰ লগতে দুয়োখন বাহনৰ যথেষ্ঠ ক্ষতিসাধন হয়৷ বাহন দুখনৰ মুখামুখি সংঘৰ্ষৰ ফলত বলেৰখনৰ চালক ডিব্ৰুগড়ৰ অনন্ত বৰা [৪৫] গুৰুতৰ ভাৱে আহত হয়৷ গুৰুতৰভাৱে আহত বলেৰ’ চালকজনক স্থানীয় লোকে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ ঘটনা সন্দৰ্ভত কদম টেঙাবস্তিত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰ্ঘটনাস্থলীত বগীনদী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ ঘটনাটোত বাছখনৰ যাত্ৰীসকল কোনো ক্ষয় ক্ষতি নোহোৱাকৈ ৰক্ষা পৰাৰ বিপৰীতে ঘটনা সংঘটিত কৰি বাছখনৰ চালক হেণ্ডিমেনে পলায়ন কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More