লখিমপুৰত বানত ডুবি যুৱকৰ মৃত্যু

সোৱণশিৰিৰ ওপৰত সদ্যহতে নিয়ন্ত্ৰণ নাই এন এইচ পি চিৰ

0 39

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ১ জুলাইঃ লখিমপুৰত বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰাৰ সময়তে আজি দুপৰীয়া জিলাখনৰ নাওবৈচাত শিঙৰা নদীৰ বানত ডুবি এজন যুৱকৰ মৃত্যু হয়৷ মৃত যুৱকজনৰ নাম হৈছে পংকজ নেওগ [৩২]৷ নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত পেৰাভাৰী গাঁৱৰ পংকজ নেওগ নামৰ যুৱকজনে পথাৰৰ পৰা গৰু আনিবলৈ যোৱাৰ সময়তে শিঙৰা নদীৰ বাঢ়নী পানীত পৰি যুৱকজনৰ কৰুণ মৃত্যু ঘটে৷ যুৱকজনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে৷
ইফালে আজি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰামৰ্শদাতা এ এন মহম্মদে এক বিবৃতিত জানিবলৈ দিয়ে যে সম্প্ৰতি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ নোহোৱাৰ ফলত সোৱণশিৰি নদীৰ পানী প্ৰৱাহৰ ওপৰত এন এইচ পি চিৰ কোনো নিয়ন্ত্ৰণ নাই৷ প্ৰকল্পটো সম্পূৰ্ণ হ’লে বাৰিষা কালত ইয়াৰ জলাধাৰ ১৫ মিটাৰ খালী ৰাখি ১২৪০০ ঘন মিটাৰ পানী প্ৰতি ছেকেণ্ডত বান আহিলে ৫ হাজাৰ ৪শ ঘনমিটাৰ জলধাৰা জমা কৰি নামনিলৈ ৭ হাজাৰ ঘনমিটাৰ পানী প্ৰতি ছেকেণ্ডত এৰি দিব পাৰিব আৰু এনে কাৰ্যই ২৪ ঘণ্টালৈ বান নিয়ন্ত্ৰণ কৰিব পাৰিব৷ ৫ হাজাৰ ৪ শ ঘনমিটাৰ পানী প্ৰতি ছেকেণ্ডত জমা কৰি নামনিলৈ ৭ হাজাৰ ঘন মিটাৰ পানী এৰি দিয়া কাৰ্য সোৱণশিৰি নদীৰ নিৰাপদ প্ৰৱাহ অটুত থাকিব বুলিও বিবৃতিত উল্লেখ কৰে৷ তেওঁ আৰু জনাই যে জলবিজ্ঞান অধ্যয়ন অনুসৰি সোৱণশিৰি নদীত ১০ বছৰৰ মূৰত এবাৰ ১২৪০০ ঘন মিটাৰ, ২৫ বছৰৰ মূৰত ১৪৫০০ ঘন মিটাৰ আৰু এশ বছৰৰ মূৰত ১৯৬০০ ঘন মিটাৰ পানী বৈ আহে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More