লখিমপুৰত বিপদ সীমা উপচি বৈছে পাঁচখন নৈ

ভয়াৱহ বান দুৰ্যোগৰ আশংকা

0 54

শতাব্দ, লখিমপুৰ ৩০ জুনঃ ভয়াবহ বান দুৰ্যোগৰ সন্মুখীন হৈছে লখিমপুৰ জিলা। যোৱা কিছুদিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ লগতে অৰুণাচলত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত জিলাখনৰ প্ৰায়বোৰ নদীৰ জলপৃষ্ঠ বিপজ্জনক ৰূপত বৃদ্ধি পাইছে। আজিৰ দিনটোত জিলাখনত পাঁচখন নৈ ৰ জলস্তৰে বিপদ সীমা অতিক্রম কৰে। একোখন নৈৰ জলপৃষ্ঠই একাধিক স্হানত বিপদ সীমা অতিক্রম কৰিছে৷ জলসম্পদ বিভাগৰ আজিৰ দিনটোৰ তথ্য জামুগুৰিত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ই বিপদসীমাৰ ৬৫ মিলিমিটাৰ অতিক্রম কৰিছে৷ তেনেদৰে সোৱণশিৰি নৈ ৰ জলপৃষ্ঠই ধলঘাটত বিপদ সীমাৰ ৪৬ মিলিমিটাৰ, ঘনচৰাইত ৭৮ মিলিমিটাৰ আৰু শিলিখাগুৰিত ২২ মিলিমিটাৰ অতিক্রম কৰিছে৷ ডিক্ৰং নৈৰ জলপৃষ্ঠই চিচাপথাৰত বিপদ সীমাৰ ৫৭ মিলিমিটাৰ অতিক্রম কৰিছে৷ শিঙৰা নৈৰ জলপৃষ্ঠ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ৰ দাঁতিত বিপদ সীমাৰ ৭২ মিলিমিটাৰ ওপৰত আছে। তেনেদৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত কাকৈ নৈৰ জলপৃষ্ঠও আছে বিপদ সীমাৰ ৮ মিলিমিটাৰ ওপৰত। আনহাতে ৰঙা নদী, পাভ,বগীনদী, দোৰপাং, চেচা ,পিছলা আদি নৈ সমুহৰ পানীও বিপদ সীমাৰ সামান্য তলতহে আছে। ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা এনে পৰিবেশক অধিক জটিল কৰি তুলিছে নীপকোৱে। ৰঙা নদী প্ৰকল্পৰ পৰা নদীখনত নীপকোৱে প্ৰকল্পৰ অতিৰিক্ত জলৰাশি এৰি দিয়াৰ ফলত নদীখনে কালৰূপ ধাৰণ কৰিছে৷ নীপকোৱে যদি প্ৰকল্পৰ অতিৰিক্ত জলৰাশি এৰি দিয়াতো বন্ধ নকৰে আৰু বতৰৰ অৱস্থা অপৰিবৰ্তিত হৈ থাকে তেন্তে অহা দুই এদিনৰ ভিতৰত লখিমপুৰ জিলাৰ বান পৰিস্থিতি ভয়াৱহ হৈ পৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More