লখিমপুৰত ভোগালী মেলাৰ সফল সামৰণি

তিনিদিনত ৮লক্ষাধিক টকাৰ সামগ্ৰী বিক্ৰী

0 43

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১২জানুৱাৰী: মহিলা আত্মসহায়ক গোটৰ সদস্যা সকলৰ দ্বাৰা উৎপাদিত সামগ্ৰী বিক্ৰী ব্যৱস্থা সুচল কৰি দিয়া লক্ষ্যৰে অসম ৰাজ্যিক গ্ৰামীণ জিৱিকা অভিযান লখিমপুৰ জিলা পৰিচালনা গোটৰ উদ্যোগত অনুষ্ঠিত ভোগালী মেলাৰ আজি সামৰণি পৰে। WhatsApp Image 2023 01 12 at 6.59.55 PMযোৱা ১০ জানুৱাৰীত লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোঁ‌হায়ে লখিমপুৰ ত্যাগ ক্ষেত্ৰত মেলাখন শুভ উদ্বোধন কৰে।তদুপলক্ষে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া টিপুৰেন্দ্ৰ পাটৰে মেলাত বিপণী দিবলৈ নিজে উৎপাদন কৰা সামগ্ৰী লৈ আগবাঢ়ি অহাৰ বাবে অহা মহিলা সকলক ভূয়সী প্ৰশংসা কৰে।তেওঁ লগতে মহিলাসকলক সময়ৰ সৈতে খোজ মিলাই উন্নত তথা প্ৰগতিশীল জীৱিকা সন্ধান কৰা বাবে আহ্বান জনায়।লখিমপুৰ জিলাত ইতিমধ্যে খনন আৰম্ভ হোৱা ‘অমৃত সৰোবৰ’সমূহৰ কাম সম্পূৰ্ণ হ’লে চলিত বৰ্ষৰ ১৫ আগষ্টত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনস্থ মণ্ডল পৰ্যায়ৰ সংগঠন সমূহক চমজাই দিব বুলি মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে মন্তব্য কৰে। অভিযানৰ লখিমপুৰ জিলা প্ৰকল্প প্ৰৱন্ধক ডাঃ দীপিকা পেগুৱে আদৰণি ভাষণ আগবঢ়োৱা উদ্বোধনী সভাখনত অসম গ্ৰামীণ বিকাশ বেংক লখিমপুৰৰ জ্যেষ্ঠ প্ৰৱন্ধক উমাকান্ত শইকীয়া লগতে জিলাখনৰ ৯ টা উন্নয়ন খণ্ড বিষয়া সকল উপস্থিত থাকে।মেলা উপলক্ষে আত্মসহায়ক গোট সমুহৰ বিপণী সমূহত বিক্ৰীৰ বাবে উপলদ্ধ বিভিন্ন ধৰণৰ চিৰা-পিঠা,দৈ,ক্ৰীম,আচাৰ,মাটিমাহ,কাঠ আলু আদি সামগ্ৰী ক্ৰয়ৰ বাবে গ্ৰাহকৰ হেতা-ওপৰা হোৱা পৰিলক্ষিত হয়।আনহাতে মেলাত আত্মসহায়ক গোট সমূহৰ মাজত দলীয় বিহু,জেং বিহু,সমবেত সংগীত আৰু পৰম্পৰা সাজ-পাৰ প্ৰতিযোগিতাৰ লগতে সন্ধিয়ালৈ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।৯টা উন্নয়ন খণ্ডৰ পৰা মুঠ ২৭ খন বিপণীয়ে অংশগ্ৰহণ কৰা মেলা খনত তিনিওটা দিনত সৰ্বমুঠ ৮,৪৩,৭৩৪ টকা মূল্য সামগ্ৰী বিক্ৰী হয় বুলি আয়োজকে জানিবলৈ দিছে।উল্লেখ্য গ্ৰামাঞ্চলৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে কাম কৰি থকা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানক এই কাৰ্য্যসূচীৰ বাবে সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More