লখিমপুৰত ভোৰতাল, দেওধনিৰ চাৰিদিনীয়া প্ৰশিক্ষণ

নতুন শাখাৰ শ্ৰেণীৰে সত্ৰীয়া বিদ্যালয়ৰ শিক্ষাবৰ্ষ

0 124

উত্তৰ লখিমপুৰ , ২৬ অক্টোবৰ : লখিমপুৰ সত্ৰীয়া সঙ্গীত বিদ্যালয়ে ভোৰতাল আৰু দেওধনি নৃত্যৰ সকলোৰে বাবে মুকলি চাৰিদিনীয়া এটি বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। আনহাতে নতুন শিক্ষাবৰ্ষত এটি নতুন শাখা শ্ৰেণীৰ মুকলি কৰিছে বিদ্যালয়খনিয়ে। সত্ৰীয়া সঙ্গীত শিক্ষাৰ ৪১টা বছৰ অতিক্ৰম কৰা নগৰৰ কমলাবাৰী পথস্থিত বিদ্যালয়খনিত অহা ৩০ অক্টোবৰত বিদ্যাৰম্ভেৰে শিক্ষাবৰ্ষ আৰম্ভ কৰাৰ সঙ্গতি ৰাখি এই কথা প্ৰকাশ। শনি আৰু ৰবিবাৰৰ নিয়মীয়া পাঠ গ্ৰহণত অপাৰগ আগ্ৰহী সকল উপকৃত হোৱাকৈ শুক্ৰবাৰে বিয়লি ৪:৩০ বজাৰ পৰা ‘খ’‌ শাখাৰ নতুন এই নিয়মীয়া শ্ৰেণী চলিত বৰ্ষৰ পৰা আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। আগ্ৰহী সকলক শীঘ্ৰে এই পাঠ্যক্ৰমলৈ যোগাযোগৰ বাবে আহ্বান জনাইছে। ইপিনে অহা ২৫,২৬,২৭,২৮ নৱেম্বৰ ‘২২ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া সকলোৰে বাবে মুকলি লোকনৃত্যৰ বিশেষ প্ৰশিক্ষণৰ প্ৰথম পৰ্যায়ত ভোৰতাল নৃত্য আৰু দেওধনি নৃত্য গুৱাহাটীৰ অভিজ্ঞ ব্যক্তিৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। পৰৱৰ্তী সময়ত আন দুটি লোকনৃত্যৰ প্ৰশিক্ষণ দিয়া হ’ব। অহা ১০ নৱেম্বৰৰ ভিতৰত পঞ্জীয়ন কৰিবলগীয়া এই প্ৰশিক্ষণৰ বিশদ জানিবৰ বাবে মোবাইল নং ৯৭০৬০৬৮৯৭১ অথবা বিদ্যালয়ত যোগাযোগৰ আহ্বান জনোৱা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More