লখিমপুৰত ‘মানৱ শৃংখল’ৰে উত্তৰ লখিমপুৰ পৌৰসভাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ আছুৰ

নলা-নৰ্দমা নিষ্কাষন, বে-দখল উচ্ছেদৰ দাবী

0 49

শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ২৩ আগষ্টঃ লখিমপুৰত আজি উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই পৌৰসভাৰ বিৰুদ্ধে মানৱ শৃংখলৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷IMG 20220823 WA0012 উত্তৰ লখিমপুৰ নগৰখনৰ কৃত্ৰিম বান প্ৰতিৰোধ কৰা, নলা-নৰ্দমা নিৰ্মাণ কৰা, সঠিক ভাৱে জাবৰ নিষ্কাষণ কৰা, নলা-নৰ্দমা নিৰ্মাণত দুৰ্নীতি হোৱা আদিৰ প্ৰতিবাদত এনেদৰে আছুৱে দুপৰীয়া উত্তৰ লখিমপুৰ পৌৰসভাৰ সন্মুখত বৃহৎ মানৱ শৃংখলৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি পিংকু বৰদলৈ, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক লিটু গগৈয়ে উত্তৰ লখিমপুৰ পৌৰসভাৰ চূড়ান্ত দায়িত্বহীনতাক তীব্ৰ ধিক্কাৰ দি গৰিহণা দিয়ে৷ ছাত্ৰ সন্থাই নগৰখনৰ কৃত্ৰিম বান সমস্যা সমাধান কৰিবলৈ দাবী জনোৱাৰ লগতে দুৰ্গন্ধময় নলা সমূহ শীঘ্ৰে পৰিষ্কাৰৰ দাবী জনায় ৷ নগৰখনৰ বিভিন্ন এলেকাত ষ্ট্ৰীট লাইট স্থাপন কৰা, নলা নৰ্দমা সমূহ আহল বহল কৰা, পৰ্যাপ্ত পৰিমাণৰ ডাষ্টবিন স্থাপন কৰা, সোমদিৰি-গৰিয়াজান নদীৰ কাষত বে-দখল কৰা লোকসকলক উচ্ছেদৰ দাবী জনোৱাৰ লগতে পৌৰসভাৰ কামকাজ সমূহ বিজ্ঞানসন্মত ভাৱে পৰিকল্পনা কৰি আগুৱাই নিয়াৰ দাবী জনায় ৷ ইয়াৰ অন্যথা উত্তৰ লখিমপুৰ পৌৰসভাৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি আজি আছুৱে হুংকাৰ দিয়ে৷ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰাণজিৎ গগৈ, পুণমজ্যোতি বুঢ়াগোহাঁই আদি উপস্থিত থাকে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More