লখিমপুৰত মিশ্ৰৰ মাৰাথান অভিযানঃ ১৮ জন ৰঙাঘৰলৈ

জোনমণি কাণ্ডৰ দোষীৰ ফাঁচীৰ দাবীত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ

0 76
  • অসমীয়া যুৱ মঞ্চৰ আৰক্ষীলৈ প্ৰশ্ন – লখিমপুৰত পূৰ্বে কিয় গ্ৰেপ্তাৰ হোৱা নাছিল নকল সোণ-জাল নোটৰ বৃহৎ চক্ৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৫ মে’ ঃ জাল নোট, নকল সোণৰ বিৰুদ্ধে লখিমপুৰত এছ পি আনন্দ মিশ্ৰৰ মাৰাথান অভিযান আজিও অব্যাহত আছে৷ যোৱা কেইটা দিনত অৰ্ধ শতাধিক লোকে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছত আজি ১৮ জনক লখিমপুৰৰ আদালতত হাজিৰ কৰাই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়৷ প্ৰাপ্ত তথ্যমতে দুষ্ট চক্ৰৰ লোকসকলে আত্মসমৰ্পণ কৰিলেই বাচি যাব বুলি ভাবিছিল যদিও আনন্দ মিশ্ৰৰ ওলোটা খৰে তেওঁলোকক শলঠেকত পেলাইছে৷ আৰক্ষীয়ে আত্মসমৰ্পণ কৰা কেইজনমান জাল নোট, নকল সোণৰ মাষ্টাৰ মাইণ্ডক ওৰে নিশা জেৰা চলায়৷ ইফালে জাল নোট, নকল সোণৰ এই ব্যৱসায়ত জড়িত বহু দুধৰ্ষ লোকে আত্মগোপন কৰি থকা বুলি আজি হাছিনা বেগমে মন্তব্য কৰে৷ নকল সোণ, জাল নোট চক্ৰৰ বিৰুদ্ধে আৰক্ষীক নিতৌ তথ্য যোগান ধৰা হাছিনা বেগমে আজি সাংবাদিকৰ আগত কয় যে কেৱল লখিমপুৰতে নহয় নগাওঁ, তেজপুৰ, হোজাই আদিতো আছে নকল সোণ, জাল নোটৰ চক্ৰ৷ এই অসাধু চক্ৰটোৰ কেবাজনৰ হাতত পিষ্টল থকা বুলিও আজি বেগমে লখিমপুৰত বিস্ফোৰক মন্তব্য কৰে৷ এই পৰ্যন্ত বঙালমৰাৰ বহু কেইজন অসাধু ব্যৱসায়ী পলাতক হৈ আছে বুলি তেওঁ কয়৷ ধৃত আবু চুহিদ, জাকিৰ হুছেইন, আজগৰ আলি আদিক অধিক জেৰা কৰিলেই নকল সোণ, জাল নোটৰ বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিব বুলি সাহসী মহিলা গৰাকীয়ে সদৰি কৰে৷ ইফালে সদায় অসাধু চক্ৰৰ বিৰুদ্ধে মাত মাতি অহা মহিলাগৰাকী এতিয়া প্ৰাণৰ সংশয়ত ভোগা বুলি আজি ব্যক্ত কৰে৷

 লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ

WhatsApp Image 2023 05 25 at 7.15.52 PMআৰক্ষীৰ এই অভিযানৰ মাজতে আজি এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাত জড়িত দোষীক ফাঁচীৰ দাবী তুলি আজি অসমীয়া যুৱ মঞ্চই লখিমপুৰত প্ৰতিবাদ সাব্যস্ত কৰে৷ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু লখিমপুৰ জিলা সমিতিৰ সহযোগত লখিমপুৰ নগৰৰ কে বি ৰোডত গ্ৰহণ কৰা প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ জোনমণি ৰাভাৰ মৃত্যুৰ লগত জড়িত সকলক ফাঁচী দিয়ক, নাম সাঙোৰ খোৱা আৰক্ষী বিষয়াসকলক তদন্তৰ আওতালৈ আনক, নকল সোণ, জাল নোটৰ কলা সাম্ৰাজ্য উৎখাত কৰক আদি শ্লগান দি লখিমপুৰৰ আকাশ কঁপাই তোলে৷ প্ৰতিবাদস্থলীত অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সচিব অনুপম শইকীয়াৰ লগতে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মণ্টু দাস, জিলা সভাপতি চিৰঞ্জিত বৰদলৈ আদিয়ে ক্ষোভেৰে কয়- শৃংখল চলিহাই থু এটা মাৰোতেই তেওঁক দেশদ্ৰোহী সজোৱাৰ বিপৰীতে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই উদঙাই দিয়া নকল সোণ, জাল নোটৰ বেহাৰ লগত নাম সাঙোৰ খোৱা আৰক্ষী বিষয়াক কিয় আজিলৈ জেৰা কৰা নাই বুলি প্ৰশ্ন কৰে৷ এনে বিষয়াসকলৰ ৰক্ষণাবেক্ষণত ৰাজনৈতিক আৰ্শীবাদ থকাৰ বাবেই তেওঁলোকক তদন্তৰ আওতালৈ অনা নাই বুলি সংগঠনটোৱে অভিযোগ কৰে৷ আনন্দ মিশ্ৰই এটা হুংকাৰ দিওঁতেই অৰ্ধশতাধিক অপৰাধীয়ে আত্মসমৰ্পণ কৰিলে যদিও পূৰ্বৰ আৰক্ষী বিষয়াসকলে এনে পদক্ষেপ লবলৈ কিয় কুণ্ঠাবোধ কৰিছিল আৰু তেওঁলোক কমিচনৰ অংকত ব্যস্ত আছিল নেকি বুলি অসমীয়া যুৱ মঞ্চই প্ৰশ্ন উত্থাপন কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More