লখিমপুৰত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ চুতীয়া ছাত্ৰ সন্থাৰ

দেশৰ ১৫টা জনগোষ্ঠীক জনজাতিকৰণঃ অসমৰ ছয় জনগোষ্ঠীক প্ৰতাৰণা

0 44

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৫ ছেপ্টেম্বৰঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটত অসমৰ বাদে বিভিন্ন ৰাজ্যৰ ১৫টা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বিপৰীতে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰি প্ৰতাৰণা কৰাৰ প্ৰতিবাদত আজি লখিমপুৰত চুতীয়া ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে৷ লখিমপুৰ নগৰৰ মাজমজিয়াত লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাই চৰকাৰৰ এনে সিদ্ধান্তৰ প্ৰতিবাদ জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ছয় জনগোষ্ঠী ক্ৰমে- কোচ ৰাজবংশী, আহোম, চুতীয়া, মৰাণ, মটক, চাহ জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি সকীয়াই দিয়ে৷ সংগঠনটোৱে মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি বিভিন্ন শ্ল’গান দিয়াৰ লগতে চৰকাৰৰ এনে কাৰ্যক ধিক্কাৰ দিয়ে৷ ইফালে চৰকাৰে কোচ ৰাজবংশীসকলৰ লগতে অসমৰ অন্যান্য পাঁচটা জনগোষ্ঠীক জনজাতিকৰণ নকৰাত কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ৰূপজ্যোতি দত্তই গভীৰ উদ্বেগ প্ৰকাশ কৰি অসমক অবৈধ বাংলাদেশীৰ কবলৰ পৰা মুক্ত কৰিবলৈ আৰু ৰাজ্যখনৰ অখণ্ডতা, সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে শীঘ্ৰে কোচ ৰাজবংশী সকলৰ ন্যাৰ্য প্ৰাপ্য মৰ্যাদা ‘জনজাতিকৰণ’ কৰিবলৈ দাবী জনায়৷ অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি সকীয়াই দিয়ে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More