লখিমপুৰত সদৌ অসম কিক্‌বক্সিং প্রতিযোগিতা আৰম্ভ

ৰাজ্যৰ ১৯ খন জিলাৰ ৪৯৭ গৰাকী খেলুৱৈৰ অংশ গ্রহণ

0 27

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ৬ জানুৱাৰী :সদৌ অসম কিক্‌বক্সিং ফেডাৰেচনৰ সপ্তম সদৌ অসম কিক্‌বক্সিং প্রতিযোগিতাৰ লগতে ষষ্ঠ সদৌ অসম পেছাদাৰী কিক্‌বক্সিং প্রতিযোগিতাখনি লখিমপুৰ জিলা কিক্‌বক্সিং সন্থা, অ এ কে এফ মাৰ্চিয়েল আৰ্টচ এণ্ড ফিটনেছ একাডেমীৰ উদ্যোগত কালিৰে পৰা আৰম্ভ হৈছে । আজি দ্বিতীয় দিনা পুৱা পাঁচখন পতাকা উত্তোলন কৰে ক্ৰমে অভ্যৰ্থনা সমিতিৰ সভাপতি উদয় শংকৰ হাজৰিকা, হামিদূৰ ৰহমান, ডেৰাজুল হুচেইন, দীপেন বৰা আৰু তপন শইকীয়াই । শ্বহীদ তৰ্পণ কৰে আৰক্ষী বিষয়া বসন্ত শইকীয়াই । পুৱা ১০ বজাত খেলুৱৈ সকলক লৈ এক শোভাযাত্ৰা উলিওৱা হয় । উক্ত শোভাযাত্ৰাত ১৯ খন জিলাৰ পৰা ৪৯৭ খেলুৱৈয়ে অংশ গ্ৰহণ কৰে । আজি দিনৰ তিনি বজাৰ পৰা চাব জুনিয়ৰ চেমি কণ্ট্ৰেক্ট , চিনিয়ৰ ফুল কণ্ট্ৰেক্ট , ল কিক , থাই কিক, কিক লাইট, পইণ্ট ফাইটিং, এৰ কিক বক্সিঙ , মিউজিকেল ফ্ৰম খেল সমূহ অনুষ্ঠিত হয় । কাইলৈ চিনিয়ৰ, পেশাদাৰী প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হব । চাৰিদিনীয়া কাৰ্য্যসূচীৰে লখিমপুৰ চহৰৰ ত্যাগ ক্ষেত্ৰ আয়োজন কৰা হৈছে। উক্ত সপ্তম সদৌ অসম কিক্‌বক্সিং প্রতিযোগিতাৰ খেলুৱৈসকলক পদক আৰু প্ৰমাণ পত্ৰৰে সন্মানিত কৰা হ’ব আৰু ষষ্ঠ সদৌ অসম পেছাদাৰী কিক্‌বক্সিং প্রতিযোগিতাত প্ৰতিগৰাকী চেম্পিয়নক টাইটেল বেল্ট আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More