লখিমপুৰত সৈনিকৰ ‘আৰ্মচ ফৰ্চ ফ্লেগ দে’ পালন

0 35

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ৭ ডিচেম্বৰঃ লখিমপুৰ জিলা সৈনিক কল্যাণ কাৰ্যালয়ৰ উদ্যোগত আৰু জিলা প্ৰাক্তন সৈনিক সন্থাৰ সহযোগত আজি আৰ্মচ ফৰ্চ ফ্লেগ দে পালন কৰা হয়৷ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপত পুৱা ১১ বজাত এই উপলক্ষে অনুষ্ঠিত সভাত আদৰণি ভাষণ আগবঢ়ায় কল্যাণ বিষয়া মাথুৰ কলিতাই৷ সভাত কল্যাণ কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক চিত্তৰঞ্জন বৰাই কয় যে ১৯৪৮ চনৰ পৰা দেশৰ সেৱাত নিজকে আত্ম নিয়োগ কৰি দেশৰ বাবে শ্বহীদ হোৱা বীৰ সৈনিকসকলৰ লগতে কৰ্মৰত সৈনিক আৰু অৱসৰপ্ৰাপ্ত সৈনিকসকলে আগবঢ়াই অহা সেৱাৰ প্ৰতি সন্মান যাচি প্ৰতিবছৰে এই আৰ্মচ ফৰ্চ ফ্লেগ দে পালন কৰি অহা হৈছে৷ আজি উক্ত দিৱস উপলক্ষে সমবেত সৈনিক তথা পৰিয়ালসমূহক একোটাকৈ টোকেন বেজ পিন্ধোৱা হয়৷ স্থল, নৌ, বায়ু সেনা বাহিনীৰ সৈনিক সকলে দেশৰ বাবে আগবঢ়োৱা সেৱাৰ বাবে প্ৰতিবছৰে এনেদৰে এই দিৱস পালন কৰি অহা হৈছে৷ বীৰ শ্বহীদৰ পত্নী সহ বহু কেইগৰাকী সৈনিকৰ পত্নী উপস্থিত থাকে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More