লখিমপুৰত হাতীলোং ফুটবল কচিং চেন্টাৰৰ ড্ৰীম লীগ – নতুন প্ৰতিভাৰ সন্ধানত

0 95

উত্তৰ লখিমপুৰ, ৩০ মেঃ  লখিমপুৰৰ হাতীলোং ফুটবল কচিং চেন্টাৰৰ উদ্যোগত অহা ১২জুনৰ পৰা আৰম্ভ হব আই এছ এলৰ আৰ্হিত হাতীলোং ফুটবল কচিং চেন্টাৰ ড্ৰীম লীগ চিজন -১। আকৰ্ষণীয় প্ৰাইজমানিৰ ১৫ বছৰ অনূৰ্ধ উক্ত লীগখনত অংশগ্ৰহণ কৰিব লগীয়া ৭ দলৰ প্ৰস্তুতি প্ৰায় ২ মাহ ধৰি ৭ টা স্থানত চলি আছে। লীগখনৰ জড়িয়তে নতুন প্ৰজন্মৰ খেলুৱৈ সকলক ফুটবলৰ প্ৰতি উৎসাহিত কৰাৰ লগতে উক্ত লীগখনৰ পৰাই ৩০ জন চেমনীয়া খেলুৱৈ নিৰ্বাচিত কৰি হাতীলোং ফুটবল কচিং চেন্টাৰৰ দ্বাৰা উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হব বুলি হাতীলোং ফুটবল কচিং চেন্টাৰৰ সম্পাদক দিপাংকৰ তামুলী ফুকনে জানিবলৈ দিছে। অংশগ্ৰহণকাৰী দল সমূহ হল জে কে ইউনাইটেড ফ্ৰাইটাৰ্চ, আৰ এম এছ ৰাংচালী, উলুবাৰী ইউনাইটেড, হাতীলোং জুনিয়ৰ, মাজগাঁও জুনিয়ৰ ষ্টাৰ, দিখৌমুখীয়া ডাইনামোজ, বামুণদলনী ব্লুজ। লীগখনত লখিমপুৰ জিলাৰ ক্ৰীড়া প্ৰেমীৰ সহযোগিতা আৰু উপস্থিতি হাতীলোং ফুটবল কচিং চেন্টাৰে কামনা কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More