লখিমপুৰত হাফপেণ্ট পিন্ধি বিদ্যালয়লৈ শিক্ষক যাব লগা হোৱা পথত ৰাইজৰ ভূঁই

কদম গুজিয়লাত পথেৰে ছাত্ৰ-ছাত্ৰী যায় অভিভাৱকৰ বোকোচাত

0 86

WhatsApp Image 2024 05 31 at 8.36.25 PMশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ৩১ মেঃ এইবাৰ পথাৰত নহয় পথত হাল বাই কঠিয়া ৰুলে ৰাইজে৷ জৰাজীৰ্ণ পথৰ দুৰৱস্থাত অতিষ্ঠ হৈ এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ল লখিমপুৰ জিলাৰ কদম গুজিয়লাৰ মিচিং গাঁওবাসীয়ে৷ আজি পুৱাই পথাৰৰ পৰিৱৰ্তে গাঁওখনৰ লোকসকল ওলাই আহি জৰাজীৰ্ণ আৰু বোকাময় হৈ পৰা কদম গুজিয়লাত এনেদৰে ভূঁই ৰুই প্ৰতিবাদ কৰি জনপ্ৰতিনিধি তথা প্ৰশাসনৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাই গাঁওবাসীয়ে৷ উল্লেখ্য যে পূৰ্বে ঢকুৱাখনা বিধান সভা সমষ্টিৰ অন্তৰ্গত আৰু বৰ্তমান লখিমপুৰ সমষ্টিত অন্তৰ্ভুক্ত হোৱা কদম গুজিয়লাৰ একমাত্ৰ পথটো বছৰ বছৰ ধৰি জৰাজীৰ্ণ হৈ আছে৷ এজাক বৰষুণ দিলেই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাংকান তিনিআলিৰ পৰা কদম গুজিয়লালৈ যোৱা পথটো বোকাময় হৈ পৰাত যাতায়াতৰ অনুপযোগী হৈ পৰে৷ এই গাঁওখনত থকা তিনিখনকৈ চৰকাৰী শিক্ষানুষ্ঠানলৈ অহা যোৱা কৰা ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আদিয়ে পথৰ জৰাজীৰ্ণতাৰ বাবে দুৰ্ভোগ ভূগি আহিছে৷ ছাত্ৰ-ছাত্ৰীসকলৰ বহুতকে অভিভাৱকে বোকোচাত লৈ শিক্ষানুষ্ঠানলৈ অনা নিয়া কৰাৰ লগতে শিক্ষকসকলেও হাফপেণ্ট পিন্ধি বিদ্যালয়লৈ যোৱাৰ পিছত বিদ্যালয়ত পুনৰ কাপোৰ সলাই পাঠদান কৰিব লগা হয়৷ পথটোৰ জৰাজীৰ্ণতাৰ পৰা পৰিত্ৰাণ পাবলৈ আজি কদম গুজিয়লা মিচিং গাঁওবাসীয়ে পথত গৰুৰে হাল বোৱাৰ পিছত পুৰুষ মহিলাসকলে পথৰ মাজতে কঠিয়া তথা ভূঁই ৰুই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনায়৷ শেহতীয়াকৈ বিজেপি চৰকাৰখনে গাঁওখনক মাহীআইৰ দৃষ্টিৰে চাই অহা বুলি তেওঁলোকে অভিযোগ তুলি এইক্ষেত্ৰত লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ হস্তক্ষেপ কামনা কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More