লখিমপুৰত হিন্দু যুৱছাত্র পৰিষদৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

0 14

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ ৫ জানুৱাৰীঃ অসমৰ অন্যতম অৰাজনৈতিক সংগঠন হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি লক্ষীমপুৰ জিলা সমিতিৰ উদ্যোগত চৰকাৰী পেঞ্চনাৰ ভৱনত কাৰ্যালয়ত দিনযোৰা বণাৰ্ঢ্য কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয়৷ পুৱা ৬ বজাত সামূহিক চাফাইৰে আৰম্ভ হোৱা অনুষ্ঠানটিত পতাকা উত্তোলন কৰে জিলা সভাপতি যুগ্মজ্যোতি দত্তই৷ সভাপতি গৰাকীয়ে তেখেতৰ বক্তব্যত আজিৰ এই মহেন্দ্ৰ ক্ষণত অসমবাসী হিন্দু সমাজখনক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে৷ যিহেতু ৩১ বছৰীয়া পৰিক্ৰমাত অসমৰ জনগণৰ আৰ্শীবাদ, চেনেহ তথা পৰামৰ্শৰে আজি এই পৰ্য্যায়ত উপনীত কৰাইছে৷ লগতে অনাগত দিনত অসমৰ বিভিন্ন জলন্ত সমস্যাৰাজিৰ সমান্তৰাল ভাৱে খ্ৰীষ্টান মিছনেৰী প্ৰলোভনাত্মক ধৰ্মান্তকৰণ, সত্ৰৰ মাটি আৰু চৰকাৰী ভূমি বেদখল মুক্ত কৰাৰ বাবে আমাৰ প্ৰতিবাদ নিৰবছিন্ন ভাৱে চলি থাকিব৷ ইয়াৰ পাছতে শ্বহীদ তৰ্পণ কৰে জিলাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ঘনকান্ত বৰাই৷ শ্বহীদ তৰ্পণ কৰি ভাৰপ্ৰাপ্ত সম্পাদক গৰাকীয়ে দেশৰ মহান ব্যক্তি তথা শ্বহীদ সকলৰ বলিদানৰ কথা স্মৰণ কৰে ।পৰৱৰ্তী পৰ্য্যায়ত ভাৰত মাতাৰ প্ৰতিছবিত মাল্যাপৰ্ন আৰু বন্তি প্ৰজ্বলন কৰে লক্ষীমপুৰৰ জ্যেষ্ঠ নাগৰিক তথা স্থানীয় সৰবৰহী ব্যক্তি বাবুল বৰাই ৷ কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিশ্ব শান্তিৰ অৰ্থে নাম কীৰ্ত্তন কৰাৰ লগতে লক্ষীমপুৰৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ বিষয়াসকলৰ মাজত গছ পুলি বিতৰণ কৰা হয়৷ সন্ধ্যালৈ বন্তি প্ৰজ্বলন কৰে লখিমপুৰৰ অৱসৰ প্ৰাপ্ত শিক্ষা বিষয়া কনকেশ্বৰ ডেকাই ৷ আজিৰ অনুষ্ঠানত উপস্থিত থকা সকলোকে জিলা সভাপতি যুগ্মজ্যোতি দত্তই আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More