লখিমপুৰত ১,৩৭,০৯৫ টি শিশুক সামৰিক ২৮ মেত পলিঅ টীকাকৰণৰ প্ৰস্তুতি

স্বাস্থ্য বিভাগ সাজু

0 92

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,২৬ মে: লখিমপুৰ জিলাত অহা ২৮ ,২৯ আৰু ৩০ মেত দ্বিতীয় উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান কাৰ্য্যসূচী অনুষ্ঠিত হব। পলিঅ টীকাকৰণ শীৰ্ষক এইবাৰৰ পদক্ষেপত জিলাখনৰ ৫ বছৰ পর্যন্ত ১,৩৭,০৯৫ টি শিশুক সামৰি লোৱাৰ পৰিকল্পনা কৰা হৈছে।- এই ভাষ্য জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ তৰুণ কুমাৰ দেউৰীৰ। আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত  দেউৰীয়ে এই কথা সদৰী কৰে। জিলা প্ৰতিষেধক বিষয়া ডাঃ ভাৰতী গগৈয়ে লগতে কয় এই টীকাকৰণৰ বাবে স্বাস্থ্য বিভাগ ইতিমধ্যে সাজু হৈ উঠিছে। উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্রদান পলিঅ কাৰ্য্যসূচীত জিলাখনত মুঠ ৮৭৩ টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ,১৬৮ জন বুথ চুপাৰভাইজাৰ,২৯ জন চেক্টৰেল চুপাৰভাইজাৰ,১৪ জন ব্লক চুপাৰভাইজাৰ আৰু ৪ জন জিলা চুপাৰভাইজাৰ এই কাৰ্য্যসূচীত নিয়োগ কৰা হৈছে। অহা ২৮ মে দেওবাৰে আৰম্ভ হবলগীয়া এই উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত জন্মৰ পৰা ৫ বছৰ পর্যন্ত সকলো শিশুক সামৰি লোৱা হব। জিলাখনৰ ৫বছৰ বয়সৰ শিশুৰ সকলো অভিভাৱক সকলে যাতে অহা ২৮ মেত নিকটতম পলিঅ প্ৰতিষেধক কেন্দ্ৰলৈ নিজৰ শিশুটিক আনি দুটোপাল পলিঅ প্ৰতিষেধক সেৱন কৰাই শিশুটিক পলিঅ ৰোগ হোৱাৰ পৰা ৰক্ষা কৰে তাৰ বাবে লক্ষীমপুৰ স্বাস্থ্য বিভাগে বিনম্ৰতাৰে আহ্বান জনোৱাৰ লগতে সহায়-সহযোগিতা কামনা কৰিছে। আনহাতে ২৯ আৰু ৩০ মেত স্বাস্থ্যকৰ্মীয়ে ঘৰে ঘৰে গৈ থাকি যোৱা শিশুৰ সন্ধান কৰি পলিঅ প্ৰদান কৰিব। উল্লেখ্য যে পলিঅ টাইপ ৱান এতিয়াও বিশ্বৰ পৰা নিশ্চিহ্ন হোৱা নাই বাবে চৰকাৰৰ এই অভিযান অব্যাহত আছে। ইয়াৰ বিপৰীতে টাইপ টু আৰু টাইপ থ্ৰি ইতিমধ্যে বিশ্বৰ পৰা নোহোৱা হৈ পৰিল। সংবাদ মেলত জিলা মিডিয়া সম্প্ৰসাৰণ বিষয়া হেমেন পায়েং, জিলা ভেকচিন আৰু কল্ড চেইন প্ৰবন্ধক গৌতম কুমাৰ ভৰালী উপস্থিত থাকি পলিঅ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী সফল কৰি তুলিবলৈ ৰাইজক আহ্বান জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More