লখিমপুৰত ১৪৪ ধাৰা বলবৎঃ পুৱা ৮ বজাৰ পৰা লোকসভা নিৰ্বাচনৰ ভোট গণনা

সাজু লখিমপুৰ জিলা প্ৰশাসনঃ জিলা আয়ুক্তৰ সংবাদমেল

0 110

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ৩ জুনঃ কাইলৈ দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ ভোট গণনালৈ সাজু হৈ উঠিছে সমগ্ৰ দেশ৷ তেনেদৰে লখিমপুৰ জিলা প্ৰশাসনেও শান্তিপূৰ্ণ আৰু আইন শৃংখলিতভাৱে ৪ জুনৰ পুৱাৰে পৰা ভোট গণনাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷ আজি বিয়লি ৫ বজাত লখিমপুৰৰ জিলা আয়ুক্ত তথা জিলা ৰিটাৰ্নিং বিষয়া গায়ত্ৰী হ্যালিংগেই এখন সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে৷ মঙ্গলবাৰে জিলাখনৰ উত্তৰ লখিমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত চাৰিটা গণনা কোঠাত লখিমপুৰ লোকসভা সমষ্টিৰ ভোট গণনা পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ’ব বুলি লখিমপুৰৰ জিলা আয়ুক্ত গৰাকীয়ে সদৰি কৰে৷ ইফালে ভোটগণনাৰ সময়ত যাতে জিলাখনৰ কোনো ঠাইতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা হ’ব নোৱাৰে তাৰবাবে প্ৰশাসনে ১৪৪ ধাৰা বলবৎ কৰাৰ লগতে ভোটকেন্দ্ৰৰ পৰা ১০০ মিটাৰ দূৰত্বত চাৰি-পাঁচজন লোক সমবেত হ’ব নোৱাৰিব বুলি সংবাদমেলত জানিবলৈ দিয়ে৷ একেদৰে কাইলৈ ভোট গণনাৰ সময়চোৱাত সূচাৰুৰূপে হোৱাৰ ক্ষেত্ৰত প্ৰশাসনে ড্ৰাই ডে ঘোষণা কৰাৰ লগতে আৰক্ষীয়ে তিনি তৰপীয়া সুৰক্ষাৰ ব্যৱস্থা কৰা বুলি লখিমপুৰ আৰক্ষীৰ শীৰ্ষ বিষয়াই সংবাদমেলত অৱগত কৰে৷ উল্লেখ্য যে কাইলৈ পুৱা ৮ বজাৰ পৰা আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত লখিমপুৰ, ৰঙানদী, নাওবৈচা বিধান সভা সমষ্টিৰ ভোট গণনা অনুষ্ঠিত হোৱাৰ লগতে শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিহপুৰীয়া বিধান সভা সমষ্টিৰ ভোট গণনাও লখিমপুৰত অনুষ্ঠিত হ’ব৷ প্ৰতিটো বিধান সভা সমষ্টিৰ অধীনত এই ভোট গণনা অনুষ্ঠিত হ’ব বুলি জিলা আয়ুক্তই কয়৷ চিচি টিভি কেমেৰাৰ নিৰীক্ষণত ৪ জুনৰ পুৱা ৬.৩০ বজাত ষ্ট্ৰং ৰূম খোলাৰ পিছত ৮ বজাৰ পৰা ৮.৩০ বজালৈ প’ষ্টেল বেলেটৰ গণনাৰ শেষত ইভিএমৰ ভোট গণনা আৰম্ভ হ’ব৷

 ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা সমূহ
গণনা প্ৰক্ৰিয়া যাতে শান্তিপূৰ্ণভাৱে সমাপ্ত হয়,তাৰ প্ৰতি লক্ষ্য ৰাখি লক্ষীমপুৰ জিলাৰ জিলা দণ্ডাধীশে আজি জাৰি কৰা এক আদেশৰ জৰিয়তে জিলাখনৰ ৫ টা বিধানসভা সমষ্টিত প্ৰযোজ্য হোৱাকৈ ভাৰতীয় ফৌজদাৰী দণ্ডবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। সেই অনুসৰি কোনো ব্যক্তিক গণনা কক্ষৰ ১০০ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত প্ৰৱেশ বা সমাৱেশত বাধা আৰোপ কৰা হৈছে । উল্লেখ্য যে এই নিষেধাজ্ঞা উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ,ঢকুৱাখনা মহকুমাধিপতি কাৰ্যালয়ৰ চৌপাশত আৰোপ কৰা হৈছে, য’ত ভোট গণনা অনুষ্ঠিত হব। অৱশ্যে আইন শৃংখলা, ভোট গণনাৰ লগত জৰিত ব্যক্তিৰ ক্ষেত্ৰত ই প্ৰযোজ্য নহব।তদুপৰি ভোট গণনাত জৰিত কৰ্মী, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী, তেওঁলোকৰ প্ৰতিনিধিসকল গণনা স্থানত প্ৰৱেশ কৰিব পাৰিব। কিন্তু তেওঁলোকে উপযুক্ত পৰীক্ষা, চিনাক্তকৰণৰ প্ৰমাণপত্ৰ, পৰিচয় পত্ৰ আৰু ইয়াৰ বাবে জাৰি কৰা প্ৰৱেশ পত্ৰ দেখুৱালেহে প্ৰৱেশৰ অনুমতি দিয়া হব। নিৰাপত্তাৰ দায়িত্বত থকা আৰু আইনসন্মতভাৱে এনে দায়িত্বত নিয়োজিত কৰা ব্যক্তিৰ বাহিৰে কোনো ব্যক্তিয়ে মাৰণাস্ত্ৰ , লাঠি ইত্যাদি কঢ়িয়াব নোৱাৰিব। উক্ত দিনা জিলাখনত সমাৱেশ, বিক্ষোভ তথা ৪ জন বা ততোধিক ব্যক্তিৰ সমাৱেশত বাধা আৰোপ কৰা হৈছে। তদুপৰি উক্ত দিনা পথ আৰু ৰাজহুৱা স্থানত আতচবাজি বা ফটকা ফুটোৱা বা দলিওৱাত বাধা আৰোপ কৰা হৈছে। ৰাজহুৱা স্থানত মণ্ডপ, ছামিয়ানা আদি তৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰাৰ উপৰি অনুভাষ যন্ত্ৰ আদি ব্যৱহাৰতো বাধা আৰোপ কৰা হৈছে। অৱশ্যে এই আদেশ আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু কৰ্তব্যৰত চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নহব। এই আদেশ সকলো জনতা আৰু বিশেষকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। যিকোনো প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ সমৰ্থক, প্ৰতিনিধিয়ে সমদল, বিজয়ী সমদল বা প্ৰতিবাদী সমদল উলিয়ালে প্ৰাৰ্থীসকলে ইয়াৰ বাবে দায়বদ্ধ হ’ব বুলিও আদেশটোত কোৱা হৈছে। নিৰ্বাচনৰ ভোট গণনাৰ পিছত শান্তি -শৃংখলা বজাই ৰখাৰ বাবে জিলাখনৰ এলেকা অনুসৰি কাৰ্যবাহী দণ্ডাধীশক দায়িত্ব অৰ্পণ কৰাৰ উপৰি অতিৰিক্ত জিলা দণ্ডাধীশক বিশেষ দায়িত্ব দিয়া হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More