লখিমপুৰত ১৫০জন কণমানি লেখকক কিতাপৰ টোপোলা, ৰাষ্ট্ৰীয় পতাকাৰে সম্বৰ্ধনা

0 30

শতাব্দ প্ৰতিনিধি,লখিমপুৰ, ১৩ আগষ্টঃ শৈক্ষিক আলোচনী ‘ন’ আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ উদ্যোগত আজি লখিমপুৰ জিলা পুথিভঁৰালত ১৫০জন কণমানি লেখকক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়৷ বিভিন্ন সময়ত এই কণমানি তথা শিশু-কিশোৰ লেখকসকলে কবিতা, গল্প আদিৰ লগতে প্ৰাচীৰ পত্ৰিকাত নিজৰ লেখা প্ৰকাশ কৰি অসমীয়া ভাষা সাহিত্যলৈ বৰঙণি আগবঢ়াই আহিছে৷ অসমীয়া ভাষাৰ সাধক এই নতুন প্ৰজন্মসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা সভাখনত লখিমপুৰৰ জিলা উপায়ুক্ত সুমিত সত্তাৱন, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়া, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড॰ গৌতম কাকতি, সমাজকৰ্মী তৰুণ দত্তকে ধৰি ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে ৷ আকাংক্ষা কলা কৃষ্টি কেন্দ্ৰ আৰু লখিমপুৰ খণ্ড প্ৰাথমিক বিষয়াৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত প্ৰতিগৰাকী কণমানি লেখকৰ হাতত তুলি দিয়া হয় একোটাকৈ কিতাপৰ টোপোলাৰ লগতে একোখনকৈ ৰাষ্ট্ৰীয় পতাকা ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More