লখিমপুৰত ২৭১গৰাকী সখীক স্কুটী প্ৰদান

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ “সখী এক্সপ্ৰেছ”

0 62

লখিমপুৰ,৩০আগষ্টঃ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান,লখিমপুৰ জিলাৰ অধীনৰ ৯টা উন্নয়ন খণ্ডৰ ২৭১গৰাকী সামূহিক সমল ব্যক্তিক (সখী)মঙলবাৰে স্কুটী প্ৰদান কৰা হয়।লখিমপুৰ জিলা পুথিভঁৰালত দিনৰ ১১বজাৰ পৰা অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লখিমপুৰৰ বিধায়ক মানব ডেকাই সখীসকলক স্কুটী আনুষ্ঠানিকভাবে প্ৰদান কৰে। লখিমপুৰ গ্ৰামোন্নয়ন অভিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া টিপুৰেন্দ্ৰ পাটৰে অনুষ্ঠানটো উদ্বোধন কৰি চৰকাৰৰ তৰফৰ পৰা স্কুটী লাভ কৰা সকলো সখীকে গ্ৰামাঞ্চলত বাস কৰা মহিলাসকলৰ উপাৰ্জন বৃদ্ধি কৰা হেতু কাম কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত চত্তাৱন উপস্থিত থাকি লখিমপুৰ জিলাৰ আত্ম-সহায়ক গোটৰ কাম-কাজৰ ভূয়সী প্ৰশংসা কৰে।তেওঁ আজি স্কুটী পোৱা সখীসকলক গ্ৰামাঞ্চলৰ উন্নয়নত তেওঁলোকৰ অবদানৰ কথা উল্লেখ কৰি দুগুণ উত্‍সাহেৰে কাম কৰি যাবলৈ পৰামৰ্শ আগবঢ়ায়। আনহাতে, বিধায়ক মানব ডেকাই বৰ্তমানৰ চৰকাৰখনে মহিলাসকলৰ বাবে কৰা কাম-কাজৰ কথা উনুকিয়াই চৰকাৰে প্ৰদান কৰা স্কুটী লাভ কৰাৰ পিছত সখীসকলে কৰা কষ্ট যথেষ্ট লাঘব হব বুলি আশা প্ৰকাশ কৰে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, লখিমপুৰৰ জিলা গাণনিক দীপাংকৰ বৰাই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট সমাজ- কৰ্মী ফণীধৰ বৰুৱা, জিলা কাৰ্যকৰী বিশেষজ্ঞ ক্ৰমে সমীৰণ শইকীয়া, সুপ্ৰিয়া পাটিৰকে আদি কৰি লখিমপুৰ জিলাৰ আটাইকেইটা উন্নয়ন খণ্ডৰ বিষয়াসকল উপস্থিত থাকে। উল্লেখ্য,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত সখী এক্সপ্ৰেছ আঁচনিৰ জৰিয়তে গ্ৰামাঞ্চলত সখীসকলে দৰিদ্ৰতা নিবাৰণৰ হকে কাম কৰাত সুবিধা কৰি দিয়াৰ লক্ষ্যৰে এই স্কুটিসমূহ প্ৰদান কৰা হৈছে। আজিৰ অনুষ্ঠানত জিলাখনৰ বেংক সখী, কৃষি সখী, পশু সখী, মাষ্টাৰ বুক-কীপাৰ, চিআৰপি-ইপি আৰু বীমা সখীসকলক বাহনসমূহ প্ৰদান কৰা হয় বুলি লখিমপুৰ জিলা প্ৰকল্প প্ৰবন্ধক ডাঃ দীপিকা পেগুৱে জানিবলৈ দিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More