লখিমপুৰত ৩-৪ জুলাইত জিলা আয়ুক্তৰ সন্মিলন

0 15

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ২৫ জুনঃ এইবাৰ জিলা আয়ুক্তসকলৰ সন্মিলনখন লখিমপুৰত অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰে লখিমপুৰ জিলা প্ৰশাসনলৈ প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে৷ ইতিমধ্যে জিলা আয়ুক্তসকলৰ সন্মিলনখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে লখিমপুৰ জিলা প্ৰশাসনে প্ৰাৰম্ভিক প্ৰস্তুতি চলাইছে৷ জিলা প্ৰশাসনৰ এক সূত্ৰ অনুসৰি অহা ৩-৪ জুলাইত দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰৰ চুকুলীভৰীয়াত থকা কনভেন্‌চন চেণ্টাৰত ৰাজ্যৰ সকলো জিলাৰ আয়ুক্তসকলৰ এই সন্মিলনখন অনুষ্ঠিত হ’ব৷ জিলা কনভেন্‌চন চেণ্টাৰটো আটোমটোকাৰিকৈ সজাই তোলাৰ লগতে নিৰাপত্তাৰ দিশটোও কটকটীয়া কৰি তোলা হৈছে৷ উল্লেখ্য যে উক্ত আয়ুক্ত সন্মিলনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুখ্য সচিবকে ধৰি প্ৰায়বোৰ শীৰ্ষ আমোলাই এই সন্মিলনত অংশগ্ৰহণ কৰিব৷ ২ জুলাইত অভ্যাগতসকল লখিমপুৰ আহি পাব বুলি সূত্ৰটোৱে সদৰি কৰাৰ লগতে তেওঁলোকৰ বাবে হোটেলৰ কোঠা,আৱৰ্তভৱনৰ কোঠা আদিৰো ব্যৱস্থা কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More