লখিমপুৰত ৬৫ ফুট উচ্চতাত উৰিল বৃহৎ ৰাষ্ট্ৰীয় পতাকা

১০০ ফুট দৈঘ্যৰ পতাকা লৈ বিধায়কৰ ত্ৰিৰংগা যাত্ৰা

0 185

 শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৩ আগষ্টঃ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে তথা কেন্দ্ৰীয় চৰকাৰৰ আজাদী কি অমৃত মহোৎসৱৰ অংশ হিচাপে আজি লখিমপুৰত উত্তোলন হয় ১০ ফুট দৈঘ্য, ১৫ ফুট প্ৰস্থৰ এখন বৃহৎ ৰাষ্ট্ৰীয় পতাকা ৷ লখিমপুৰ নগৰৰ ৰহঢলা পুখুৰীৰ পাৰত ৬৫ ফুট উচ্চতাত এই বিশাল ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই ৷IMG 20220813 WA0051 প্ৰতিকূল বতৰকো নেওচি ভালেসংখ্যক লোকৰ উপস্থিতিত তেওঁ এই পতাকা উত্তোলন কৰাৰ লগতে নতুনকৈ সজাই পৰাই তোলা ৰহঢলা পুখুৰীক অমৃত সৰোবৰ নামেৰে নামাংকৃত কৰে৷ ইফালে আজি লখিমপুৰত বিজেপিয়ে ‘ত্ৰিৰংগা যাত্ৰা’ কাৰ্যসূচী ৰূপায়ণ কৰি নগৰৰ মাজেৰে পৰিভ্ৰমণ কৰে৷ বিধায়ক মানৱ ডেকা, জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱা আদিয়ে নিজেই ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচীত নেতৃত্ব দিয়াৰ লগতে দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি এই কাৰ্যসূচী ৰূপায়ণ কৰে৷ ভাৰতীয় জনতা যুৱ মৰ্চা লখিমপুৰ জিলা সমিতিৰ উদ্যোগত বিয়লি ত্যাগক্ষেত্ৰৰ পৰা উত্তৰ লখিমপুৰ নগৰৰ বিভিন্ন পথেৰে ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে ৷IMG 20220813 WA0045 আজিৰ এই ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচীত যুৱ মৰ্চাই বিধায়কক সন্মুখত লৈ প্ৰায় ১০০ ফুট দৈঘ্যৰ ত্ৰিৰংগা পতাকা লৈ যাত্ৰা কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More