লখিমপুৰত ৰাজসাহায্যযুক্ত ২০২৪ মেট্ৰিক টন ইউৰিয়া সাৰৰ কেলেংকাৰিৰ অভিযোগঃ দোষীক শাস্তি প্ৰদানৰ দাবী

0 41

শতাব্দ প্ৰতিনিধি, লখিমপুৰ,১২ আগষ্ট: সাৰৰ নাটনিৰ বাবে কৃষকে বিভিন্ন সময়ত চৰকাৰক বিভিন্ন মাধ্যমত ক্ষোভ প্রকাশ কৰাৰ সময়তে লখিমপুৰত ইউৰীয়া সাৰৰ এক বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে সদৌ অসম হিন্দু যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে শেহতীয়াকৈ লখিমপুৰ জিলাত সংঘটিত হোৱা ২০২৪ মেট্ৰিকটন ইউৰীয়া সাৰৰ কেলেংকাৰি সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰাৰ লগতে উপযুক্ত তদন্তৰে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে জিলা উপায়ুক্তৰ জৰিয়তে। পৰিষদৰ অভিযোগ যি সময়ত দেশৰ প্রধানমন্ত্রীয়ে ২০১৪ চনত কাৰ্য্যভাৰ গ্ৰহণ কৰা দিনৰে পৰাই কৃষকৰ হিতৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰি আহিছে আৰু দেশৰ কোনো অঞ্চলৰ কৃষকক সাৰৰ নাটনি হ’বলৈ দিয়া নাই বুলি বিভিন্ন জন সভাত ঘোষণা কৰিছে। তাৰ পাছতো লখিমপুৰ জিলাত বিগত কেইবাবছৰ ধৰি সাৰৰ নাটনি হোৱা বুলি জিলাখনৰ বিভিন্ন অঞ্চলৰ কৃষকৰ পৰা অভিযোগ উঠিছে । সেই মৰ্মে যোৱা মে’ত লখিমপুৰ কৃষি বিষয়াৰ কাৰ্য্যালয়ত তথ্য জনাৰ অধিকাৰ আইন ২০০৫ ৰ অধীনত তথ্য বিচাৰি কৰা আবেদনৰ ভিত্তিত লখিমপুৰ কৃষি বিষয়াই চৰকাৰৰ অনুজ্ঞাপ্রাপ্ত ৫ সাৰ বিতৰণকাৰীক সাৰ বিতৰণৰ সম্পূৰ্ণ তথ্য পোনপটীয়াকৈ যোগান ধৰিবলৈ এক পত্ৰৰ জৰিয়তে পত্র নং- NO DAO / LAK/RTI/57/2022-23, Dtd. – 07/06/22 puty Commissi তাৰিখে নিৰ্দেশ জাৰি কৰে। কিন্তু সাৰ যোগানৰ তথ্য পাইকাৰী ব্যৱসায়ীসকলে যোগান নধৰি ওলোটাই কৃষি বিভাগৰ চৰকাৰী তথ্য বিষয়াক বিপথে পৰিচালিত কৰি ৫ (পাঁচ) পৃষ্ঠাযোৰা প্ৰত্যুত্তৰ যোৱা ১৬ জুনত ডাকঘৰৰ জৰিয়তে পঞ্জীয়ণ কৰি প্ৰেৰণ কৰে।এই ক্ষেত্ৰত তিনি ব্যৱসায়ীয়ে প্ৰেৰণ কৰা পত্ৰত আৰ.টি.আই.ৰ আবেদন নাকচ কৰিবলৈ কৃষি বিভাগত অনুৰোধ জনাই হুবহু পত্ৰ প্ৰেৰণ কৰে ।এনে পৰিস্থিতিত নিশ্চিত ভাবে ৰাজসাহায্য প্রাপ্ত সাৰ বিতৰণত বৃহৎ কেলেংকাৰি সংঘটিত হৈছে আৰু প্ৰকৃত কৃষকক ৰাজসাহায্যপ্রাপ্ত সাৰৰ পৰা বঞ্চিত কৰি একেখিনি সাৰকে উচ্চ হাৰত বিক্ৰী কৰি এক কলা বজাৰ সৃষ্টি কৰি কৃষকক চৰকাৰৰ বিৰুদ্ধে কৌশলগতভাৱে বিৰোধী কৰি আহিছে সেয়া স্পষ্ট হৈ পৰে বুলি উল্লেখ কৰে হিন্দু যুৱ পৰিষদে । এক বিবৃতিত পৰিষদে তোলা অভিযোগ মতে ২০২১ বৰ্ষত লখিমপুৰ জিলালৈ চৰকাৰৰ তৰফৰপৰা যোগান ধৰা ২০২৪ মেট্রিকটন ৰাজসাহায্যপ্রাপ্ত সাৰৰ ১ (এক) কেজি সাৰ জিলাখনৰ কোনো এজন কৃষকে ৫.৯১ টকা মূল্যত নাপালে ইয়াৰ প্ৰমাণ ক্ষুদ্ৰ চাহ খেতিয়ক, সৰিয়হ খেতিয়ক, নাচাৰীৰ কৃষক, ধান আৰু ৰবি শস্যৰ কৃষকৰ পৰা স্পষ্ট হৈছে । কৃষকসকলে এইটোও জনাইছে যে সাৰ ক্ৰয়ৰ সময়ত কৃষকক কোনো সময়ত ৰছিদ নিদিয়ে। ৰছিদ বিছাৰিলে সাৰ নিদিয়াৰ ভাবুকি প্ৰদান কৰে আৰু কয় এই সাৰ চৰকাৰী নহয়। ইয়াৰ অৰ্থ দুটাই এক বৃহৎ কেলেংকাৰি আৰু দ্বিতীয়তে চৰকাৰক অস্থিৰ আৰু পতন কৰাৰ বাবে কৃষকক চৰকাৰ বিৰোধী কৰি তোলা ই এক ভয়ঙ্কৰ ষড়যন্ত্র। সাৰ মাফিয়াৰ বাবে বজাৰত মূল্য বৃদ্ধিও হৈছে। সাৰ মাফিয়াৰ শোষণ, লুন্ঠনৰ বাবে আগন্তুক ২০২৪ চনত ‘লোকসভা’ নিৰ্বাচনত বি.জে.পি. দলৰ ফলাফল সন্তোষজনক নোহোৱাৰ সম্ভাৱনাই অধিক বুলি মত প্ৰকাশ কৰে পৰিষদে আৰু এই বিষয়ত বিভিন্ন দিশ অনুসন্ধান কৰি দোষীক দৃষ্ঠান্তমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ আবেদন জনাইছে পৰিষদৰ জিলা সভাপতি দিপাঞ্জল সোণোৱাল আৰু সম্পাদক সম্ভূ সিংহই ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More