লখিমপুৰলৈ ৰেলেৰে সৰবৰাহ হয় ড্ৰাগছ-গাঞ্জা

ড্ৰাগছ আসক্ত অভিভাৱকৰ হাহাকাৰঃ আৰক্ষীৰ ভূমিকা পুতৌজনক

0 31

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২১ অক্টোবৰঃ লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া মাৰাত্মক ড্ৰাগছৰ অবাধ বেহাই চৌদিশ ছানি ধৰিছে৷ এনে বৰবিহৰ কবলত পৰি অকালতে বহু নৱ প্ৰজন্ম যুৱকে প্ৰাণ হেৰুৱাৰ লগতে বহু পৰিয়ালৰ জীৱনলৈ অমানিশা নমাই আনিছে৷ লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে নগৰখনতো এনে বৰবিহে ছানি ধৰিছে৷ ইমানৰ পিছতো আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাতো লক্ষণীয় বিষয় হিচাপে পৰিগণিত হৈছে৷ ড্ৰাগছ আসক্ত যুৱকৰ সন্ত্ৰাসে লখিমপুৰ নগৰৰ বিভিন্ন পৰিয়াললৈ অশান্তি কঢিয়াই অনাৰ বিষয়ে জানিব পৰা গৈছে৷ এনে দুৰ্ভগীয়া অভিভাৱকে এতিয়া কিংকৰ্তব্য বিমূঢ় হৈ পৰিছে৷ আজি এক বিশ্বস্ত সূত্ৰই সদৰি কৰা অনুসৰি গুৱাহাটীৰ লগতে ভিন্ন প্ৰান্তৰ পৰা লখিমপুৰলৈ অহা ৰেলত নিতৌ এনে ড্ৰাগছ-গাঞ্জাৰ সৰবৰাহ হৈ আহিছে৷ সূত্ৰটোৱে সদৰি কৰা অনুসৰি পুৱতি নিশা ৩-৪ বজাত লখিমপুৰ আহি পোৱা ৰেলত এনে ড্ৰাগছৰ সৰবৰাহ অব্যাহত আছে৷ সেই সময়ত নগৰখনত কৰ্তব্যৰত আৰক্ষীৰ অনুপস্থিতিৰ সুযোগ লৈ ড্ৰাগছ চক্ৰটোৱে এনে ব্যৱসায় চলাই আহিছে৷ লখিমপুৰ নগৰৰ শিৱমন্দিৰৰ সমীপত তথা পৌৰসভাৰ ড্ৰাম্পিং গ্ৰাউণ্ডৰ ভিতৰৰ সৰু সৰু জুপুৰিৰ পৰাও বহু সময়ত নিষিদ্ধ ঘোষিত ড্ৰাগছৰ সৰবৰাহ চলি আহিছে৷ তেনেদৰে নগৰখনৰ বিভিন্ন অলিয়ে গলিয়ে এতিয়া ড্ৰাগছ আসক্ত যুৱকক প্ৰত্যক্ষ কৰাৰ লগতে বিভিন্ন স্থানত ড্ৰাগছ সৰবৰাহ হৈ থকাতো নগৰবাসীৰ সৰ্বজন বিদিত৷ সেয়েহে এনে নিচাজাতীয় বৰবিহ ৰোধ কৰিবলৈ সচেতন ৰাইজে প্ৰশাসনক আহ্বান জনাইছে৷ অৱশ্যে ড্ৰাগছ বিৰোধী অভিযানত লখিমপুৰত আৰক্ষীৰ ভূমিকা এতিয়াও অতি পুতৌজনক হৈ আছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More