লখিমপুৰৰ চৰ চাপৰিত সন্দেহযুক্ত নাগৰিকৰ ভূমি বে-দখলঃ উচ্ছেদৰ দাবীত বিশাল প্ৰতিবাদ

সোৱণশিৰিৰ ভীমপৰা চাপৰিত বে-দখলী- ভূমিৰ দালাল চক্ৰক টি এম পি কেৰ সকীয়নি 

0 57

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৩ মাৰ্চঃ লখিমপুৰৰ একাংশ চৰ-চাপৰিত এতিয়া সন্দেহযুক্ত নাগৰিকে ভূমি বে-দখল কৰি তেনে ভূমি দালাল চক্ৰৰ হাতত তুলি দিয়াৰ অভিযোগ তুলি আজি সোৱণশিৰিৰ ভীমপৰা চাপৰিত তিনি মিচিং জাতীয় সংগঠনে বিশাল প্ৰতিবাদ সাব্যস্ত কৰে৷ টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ শতাধিক সদস্যই সোৱণশিৰি নদীৰ ভীমপৰা চাপৰিৰ হেচামৰাৰ লগতে বৈকুণ্ঠপুৰ চাপৰিত সন্দেহযুক্ত নাগৰিকে ভূমি বে-দখল কৰি তেনে ভূমি একাংশ দালাল চক্ৰৰ হাতত তুলি দিয়াৰ অভিযোগ আনি আৰু তেনে বে-দখল উচ্ছেদৰ দাবী জনাই আজি মিচিং জাতীয় সংগঠন কেইটাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা এক স্মাৰক পত্ৰত সংগঠন কেইটাই উল্লেখ কৰে যে নৈপৰীয়া ভূমিপুত্ৰ মিচিং জনজাতীয় লোকসকলে দীৰ্ঘদিন ধৰি নৈ দাঁতিৰ এৰাসুঁতি সমূহত খেতি-বাতি কৰি জীৱন ধাৰণ কৰি আহিছে৷ শেহতীয়াকৈ এই এৰাসুঁতি সমূহ কৃষিৰ উপযোগী হৈ পৰাত তেনে উৰ্বৰা ভূমি সমূহত মিচিং লোকসকলে দুবেলা দুমুঠি অন্ন যোগাৰ কৰি পৰিয়াল পোহপাল দি অহাৰ সময়তে এনে চৰ চাপৰি সমূহ এচাম দুষ্ট চক্ৰই প্ৰকৃত ভূমিৰ গৰাকীক অন্ধকাৰত ৰাখি দালালিত নামি পৰিছে৷ এনে দালাল সকলক সংগঠন কেইটাই তীব্ৰ সকীয়নি দি এনে কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে৷ এই ভূমি সমূহত ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগ আৰু স্থানীয় প্ৰশাসনক নিৰপেক্ষ স্ব-জমিন তদন্তৰে স্থায়ী সমাধান সূত্ৰ উলিয়াই ভূমি পুত্ৰ খিলঞ্জীয়া জনজাতীয় মিচিং লোকসকলক ন্যায় প্ৰদান কৰি শীঘ্ৰে সন্দেহযুক্ত নাগৰিকক তেনে স্থানৰ পৰা উচ্ছেদ কৰিবলৈ দাবী জনাইছে৷ এনে মাটিৰ দালাল চক্ৰক বিচাৰি উলিয়াই শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈও সংগঠন কেইটাই দাবী জনাইছে৷ তেওঁলোকে এই সন্দৰ্ভত কয় যে ভীমপৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত বহু গাঁৱত এতিয়াও মিছন বসুন্ধৰাৰ জৰিয়তে ভূমি জৰীপ কৰা হোৱা নাই৷ ফলত এই ৰাজহ গাঁও সমূহতো আজি পৰ্যন্ত অনলাইন আবেদন কৰিব পৰাৰ ব্যৱস্থা হোৱা নাই৷ সেয়েহে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি সংগঠন কেইটাই দাবী জনায়৷ টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ উজনি আৰু নামনি ভীমপৰা আঞ্চলিক সমিতিয়ে কয় যে হাজাৰ হাজাৰ বছৰ বংশানুক্ৰমে মিচিং জনজাতি লোকসকলে ভোগ দখল কৰি অহা এই চৰ-চাপৰি সমূহত এতিয়া এচাম সন্দেহযুক্ত লোকৰ বে-দখল চলিছে৷ এনে বেদখলী কাৰ্যত স্থানীয় মাটিৰ দালাল চক্ৰই হাত উজান দিয়া কাৰ্যক কোনো কাৰণত ক্ষমা কৰা নহ’ব বুলি সকীয়াই দিছে৷ তেওঁলোকে কয় ‘তেজ দিম মাটি নিদিও’৷ তদুপৰি সন্দেহযুক্ত নাগৰিকক ৰক্ষণা বেক্ষণ দিয়া চক্ৰটোৱে সময়ত ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’বলৈ সাজু হওঁক বুলিও সকীয়াই দিয়াৰ লগতে প্ৰশাসনক শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে আৰু অন্যথা যিকোনো পৰিস্থিতিৰ বাবে চৰকাৰেই জগৰীয়া হ’ব বুলি তীব্ৰ সকীয়নি দিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More