লখিমপুৰৰ জহিঙত এলিফেণ্ট কৰিড’ৰত ফল-মূলৰ বৃক্ষ ৰোপন শিক্ষাৰ্থীৰ

হাতী- মানুহৰ সংঘাত দূৰীকৰণৰ লক্ষ্য

0 27

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২১ মে’ ঃ ৰাজ্যত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাই অহাৰ সময়তে আজি লখিমপুৰ জিলাৰ জহিঙত থকা লখিমপুৰৰ একমাত্ৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে জহিঙৰ সমীপৱৰ্তী কৈলামাৰী চাহ বাগিছাৰ কাষত বৃক্ষ ৰোপনৰ কাৰ্যসূচী গ্ৰহণ কৰে৷ শিক্ষাৰ্থীসকলৰ লগতে কেবাজনো অধ্যাপকে আজি জহিং বন খণ্ডৰ অন্তৰ্গত তথা কাকৈ বনাঞ্চলৰ জে এফ এম চিৰ এলিফেণ্ট কৰিড’ৰত ভালেসংখ্যক ফল-মূলৰ গছপুলি ৰোপন কৰে৷ হাতী মানুহৰ সংঘাত বৃদ্ধি হৈ অহাৰ সময়ত এনে সংঘাত কেনেদৰে দূৰ কৰিব পৰা যায় তাৰ বাবে প্ৰকৃতিপ্ৰেমী লোকসকলে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি অহাৰ সময়তে আজি লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা, এন এছ এছ গোট, জহিং খণ্ড বন বিষয়া কাৰ্যালয়ৰ সহযোগত উক্ত এলিফেণ্ট কৰিড’ৰত আম, কঠাল, ঔটেঙা, মধুৰী, জামু, বকুল আদি গছৰ পুলি ৰোপন কৰে৷ যাতে ভৱিষ্যতে এই গছসমূহ ডাঙৰ হৈ ফলমূল দিব পাৰে আৰু সেই ফল-মূল জংঘলত থকা বন্য জীৱজন্তুৰ লগতে বন্যহস্তীয়ে খাব পাৰে৷ উল্লেখ্য যে সীমান্তৱৰ্তী অঞ্চল সমূহত প্ৰায়ে বন্যহস্তীয়ে খাদ্য বিচাৰি ভৈয়ামলৈ নামি আহি ভৈয়ামৰ বাসিন্দা সকলৰ মাজত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰে৷ আজিৰ এই বৃক্ষৰোপন কাৰ্যসূচীত মহাবিদ্যালয়খনৰ এন এছ এছ গোটৰ ভাৰপ্ৰাপ্ত অধ্যাপক ডাঃ আদিত্য বৰুৱা, ছাত্ৰ একতা সভা আৰু মহাবিদ্যালয়ৰ ভালেসংখ্যক শিক্ষাৰ্থীৰ লগতে জহিং বন খণ্ডৰ বিষয়া ৰাতুল মহন্তসহ কেবাজনো বন বিষয়া-কৰ্মচাৰীয়ে সহযোগিতা আগবঢ়ায়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More