লখিমপুৰৰ জীয়ৰী ভৱানী দলেৰ চুটি ছবি ‘সক্ষম’ৰ সৰ্বভাৰতীয় চুটি ছবি প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ

0 74

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ মে’ ঃWhatsApp Image 2023 05 04 at 7.53.37 PM 1 ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ চুটি ছবি প্ৰতিযোগিতাত লখিমপুৰৰ জীয়ৰী পৰিচালক ভৱানী দলে টাহু আৰু সহকাৰী পৰিচালক গুৱাহাটীৰ গৌৰী শইকীয়াৰ “সক্ষম’’ (Enabled) নামৰ অসমীয়া ভাষাৰ চুটি ছবিখনে সৰ্ব ভাৰতীয় পৰ্যায়ত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ দেশৰ মুঠ ১২৩ খন চুটি ছবিয়ে উক্ত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল৷ প্ৰতিযোগিতাত চিৰ্ভগ (Chirbhog) নামৰ মাৰাঠী চুটি ছবিখনে প্ৰথম স্থান দখল কৰে৷ প্ৰথম স্থান লাভ কৰা চুটি ছবিখনে লাভ কৰিব নগদ দুই লাখ টকা আৰু দ্বিতীয় স্থান লাভ কৰা ‘সক্ষমে’ লাভ কৰিব নগদ ডেৰ লাখ টকা৷ এই পুৰস্কাৰ চলিত বৰ্ষৰ ডিচেম্বৰ মাহত দিল্লীত অনুষ্ঠিত হ’ব লগা মানৱ অধিকাৰ দিৱসত প্ৰদান কৰা হ’ব৷ ছবিখনৰ মূল কাহিনী হৈছে- এজন পিতৃয়ে তেওঁৰ দুই পুত্ৰ সন্তানৰ ভিতৰত বিশেষভাৱে সক্ষম আৰু সক্ষম দুই পুত্ৰৰ প্ৰতি থকা বৈষম্যমূলক মনোভাৱ ৷ পিতৃয়ে জীৱনৰ পিছৰ পৰ্যায়ত এই কথা অনুভৱ কৰে যে, বিশেষভাৱে সক্ষম ব্যক্তিৰ অক্ষমতা সমস্যা নহয়, সমস্যা হৈছে এই ব্যক্তিজনৰ সক্ষমতাখিনি আমাৰ চকুত নপৰাটোহে৷ এই বিশেষ বাৰ্তাটি ছবিখনৰ কাহিনীৰ জৰিয়তে পৰিচালকে দিব বিচাৰিছে৷ ছবিখনত বিশেষভাৱে সক্ষম যুৱক মিগম দলেই প্ৰথমবাৰৰ বাবে অভিনয় কৰিছে৷ ছবিখনত অভিনয় কৰা সকল হৈছে- কমল কৃষ্ণ তামুলী, ড॰ কণিকা পাংগিং, কামান, ধীৰাজ পেগু, ঈশান আয়াং কামান, ডেনিয়েল দলে, জিতু দাস আদি৷ ক্ৰিয়েটৰ এড্‌ভাইজাৰত আছে কমল কৃষ্ণ তামুলী৷ ডি আই এণ্ড গ্ৰাফিক্সত আছে নেক্সাছ এফ এ’ ষ্টুডিঅ’৷ কেমেৰা আৰু ইডিটিং ভাস্কৰজ্যোতি দলেৰ৷ স্ক্ৰীন প্লে’ত আছে ভৱানী দলে, ভূমিৰঞ্জন দলে, ধীৰাজ পেগু৷ মেকআপ আৰ্টিষ্টত আছে নীলিমা দলে৷ ছবিখন ইংৰাজী ভাষাত Subtitle কৰা হৈছে৷ ইয়াৰ আগতেও ভৱানী দলেৰ দ্বাৰা নিৰ্মিত ‘মাস্ক’ নামৰ চুটি ছবিখনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছিল৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More