লখিমপুৰৰ ডেৰ শতাধিক মজলীয়া বিদ্যালয়ৰ ড্ৰপ শিক্ষকক মানৱীয়তাৰ খাতিৰত নিযুক্তিৰ আহ্বান

৩০ বছৰে বিনা বেতনে শিক্ষকতা

0 27

শতাব্দ প্ৰতিনিধি,লখিমপুৰ,২৭ এপ্ৰিল : ৰাজ্যৰ শিক্ষা বিভাগে ১৯৯১ চনত বিদ্যালয় প্ৰাদেশিকীকৰণ কৰিলে যদিও সেই সময়ত নিযুক্তিৰ পৰা বঞ্চিত হোৱা লখিমপুৰৰ ডেৰ শতাধিক শিক্ষক শিক্ষয়িত্ৰীয়ে এতিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ ওপৰতে শেষ ভৰসা কৰি আহিছে । ১৯৯১ চনৰ পৰা ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে লখিমপুৰ জিলাতো নিযুক্তিৰ পৰা বঞ্চিত এই সকল শিক্ষকে অদ্যপি বিভিন্ন মজলীয়া বিদ্যালয়ত অবৈতনিকভাৱে শিক্ষাদান কৰি আহিছে যদিও বিভাগীয় মেৰপেচত সুদীৰ্ঘ তিনিটা দশকে চাকৰি হোৱাৰ আশাত হাবুডুবু কাঢ়ি আহিছে । এনে অৱস্থাত জিলাখনৰ মজলীয়া বিদ্যালয়ত নিযুক্তি বঞ্চিত ( ড্ৰপ ) শিক্ষক সকলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে আৰু আদালতে ২০১৩ চনত এক ৰায়যোগে ১০৪ জনীয়া শিক্ষকৰ এখন তালিকা শিক্ষা বিভাগলৈ প্ৰেৰণ কৰে যদিও বিগত কেইবা বছৰ ধৰি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ নকৰিলে । কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰী মন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই সকল শিক্ষকৰ প্ৰতি দেখুৱা মহানুভৱতাৰ বাবেই বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে ভূক্তভুগী শিক্ষকসকলে নিযুক্তিৰ বাবে নথিপত্ৰসমূহ জমা কৰিছে । উল্লেখ যে সুদীৰ্ঘ কাল নিযুক্তিৰ আশাৰে বাট চাই থকা জিলাখনৰ মজলীয়া বিদ্যালয়ৰ এইসকল বঞ্চিত শিক্ষকৰে অনেকৰ চৰকাৰী চাকৰিৰ বয়স উকলি গল। আন একাংশৰ দুই এবছৰহে অৱসৰৰ বাবে বাকী আছে । এনে অৱস্থাত এই শিক্ষকসকলে মানৱীয়তাৰ খাতিৰত নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীক কৰযোৰে আহ্বান জনাইছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More