লখিমপুৰৰ নতুন এছ পি আনন্দ মিশ্ৰক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া

নকল সোণ-জাল নোটৰ ঘটনাই জোকাৰিছে লখিমপুৰ

0 254
  •  লখিমপুৰৰ এছ পিক বদলি
  • দুই আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ
  • ১০ নকল সোণ-জাল নোটৰ বেপাৰী গ্ৰেপ্তাৰ
    শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২০ মে’ঃ লখিমপুৰত শেহতীয়াকৈ অসম আৰক্ষীৰ এজন দক্ষ-বিতৰ্কিত বিষয়া আনন্দ মিশ্ৰক লখিমপুৰলৈ আৰক্ষী অধীক্ষক হিচাপে নিয়োগ কৰাৰ খবৰে একাংশ লখিমপুৰবাসীক আনন্দিত কৰিছে যদিও কা আন্দোলনৰ সময়ত চৰাইদেউত ঘৰে ঘৰে সোমাই অসমীয়া নিৰীহ যুৱকক মাৰধৰ- হাৰাশাস্তি কৰা তথা নগাঁৱত কীৰ্তিকমল বৰা নামৰ এজন ছাত্ৰ নেতাক ২০২২ চনৰ জানুৱাৰী মাহত নগাঁৱৰ আৰক্ষী প্ৰদীপ বনিয়াই মিছাকৈ ড্ৰাগছৰ সৰবৰাহকাৰী বুলি গুলি কৰি আহত কৰা ঘটনাই মিশ্ৰৰ চাকৰি ইতিহাসত দাগ লগাই থৈছে৷ কাজেই মিশ্ৰক লখিমপুৰৰ নতুন আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি দিয়াত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ সময়তে লখিমপুৰৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাক বদলিৰ লগতে দুজনকৈ আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ কৰা ঘটনাই লখিমপুৰৰ আৰক্ষী বিভাগত প্ৰৱল জোকাৰণিৰ সৃষ্টি কৰিছে৷ বিশেষ যোৱা কেইটাদিনত চি আই ডিয়ে নকল সোণ, জাল নোটৰ ব্যৱসায়ীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱাৰ পিছত কালি নাওবৈচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰা, লখিমপুৰ সদৰ থানাৰ আৰক্ষী বিষয়া ভাস্কৰ কলিতাক ৰিজাৰ্ভ ক্ল’জ কৰাৰ পিছতে আজি লখিমপুৰৰ আৰক্ষী অধীক্ষক গৰাকীক তাৎক্ষাণিক ভাৱে বদলিৰ কৰাৰ পিছত লখিমপুৰৰ আৰক্ষী মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ শেহতীয়াকৈ অসম চৰকাৰে সমগ্ৰ ঘটনাৰাজি অনুসন্ধানৰ বাবে চি বি আইক গোচৰটো হস্তান্তৰ কৰাৰ পিছতে বিভিন্ন সন্থা, সংগঠনে চৰকাৰৰ পদক্ষেপক আদৰণি জনাইছে৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি লখিমপুৰ জিলাখনত গড়ছিগা, নাওবৈচা, বঙালমৰা, বৰছলা, লালুক আদিকে ধৰি বিভিন্ন অঞ্চলত নকল সোণ, জাল নোটৰ ৰমৰমীয়া বেহাৰ লগতে তীৰ, জুৱা, ড্ৰাগছ আদিৰ অবাধ বেহা চলি আহিছে যদিও এই ক্ষেত্ৰত লখিমপুৰ আৰক্ষীয়ে বিশেষ পদক্ষেপ গ্ৰহণ নকৰিলে৷ বৰঞ্চ আৰক্ষীয়ে নকল সোণ, জাল নোটৰ ব্যৱসায়ীৰে মিতিৰালি কৰি সমগ্ৰ ৰাজ্য জুৰি ব্যৱসায় সম্প্ৰসাৰণ কৰি আহিছিল৷ এই ক্ষেত্ৰত জিলাখনৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাৰ দুৰ্বল ভূমিকাৰ বাবে অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগৰ লগতে একাংশ বিষয়াই অপৰাধীৰে মিতিৰালি কৰি ধন ঘটাৰ কৌশল অৱলম্বন কৰি বহু লোকক সৰ্বস্বান্ত কৰি আহিছিল৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি বঙালমৰাৰ এগৰাকী ভুক্তভোগী মহিলা হাচিনা বেগমে জাল নোট- নকল সোণৰ ব্যৱসায়ৰ সন্দৰ্ভত আৰক্ষীৰ উচ্চ পদস্থ বিষয়াক অৱগত কৰাৰ পিছতো আৰক্ষীয়ে সমগ্ৰ বিষয়টো গাপ দি ৰাখিছিল ব্যৱসায়ৰ সম্প্ৰসাৰণত দুষ্ট চক্ৰক সহায় কৰিছিল৷ যাৰ ফলশ্ৰুতিত নগাঁৱকে ধৰি অসমৰ বহু কেইটা স্থানত এই ব্যৱসায় ব্যপক ৰূপত চলি আহিছিল৷ লক্ষণীয় কথা নকল সোণ, জাল নোটৰ বিৰুদ্ধে চি আই ডিয়ে অভিযান চলাই থকাৰ সময়তো বঙালমৰাকে ধৰি গহপুৰ, লালুক আদিত জাল নোট, নকল সোণৰ বেহা চলা তথ্য লাভ কৰি আৰক্ষীয়ে অভিযান চলায় নগদ ধনসহ ১০ জনকৈ লোকক গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More