লখিমপুৰৰ নাওবৈচা কিশোৰীক ৩ লাখ টকাত অৰুণাচলত বিক্ৰীৰ অভিযোগ

পৰিয়ালক নিৰুদ্দেশ হোৱা বুলি এজাহাৰত উল্লেখ কৰিবলৈ আৰক্ষী বিষয়াৰ হেঁচা

0 17

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১২ মে : লখিমপুৰ জিলাৰ নাওবৈচা আৰক্ষী চকীৰ অন্তৰ্গত গড়ছিগা কঠালগুৰি গাঁৱৰ কেবাজনো দুৰ্বৃত্তই এগৰাকী ১২ বছৰীয়া কিশোৰীক অৰুণাচলত ৩ লাখ টকাত বিক্ৰী কৰাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। গড়ছিগা কঠালগুৰি গাঁৱৰ হোমৰন পায়েঙ আৰু সুনীতা পায়েঙৰ ১২ বছৰীয়া কন্যা ফুলেশ্বৰী পায়েঙক যোৱা ৫ এপ্ৰিলতে নিশা শুই থকাৰ সময়তে স্থানীয় কেইজনমান যুৱকৰ দলে কৌশলেৰে মাতি আনি লৈ যায়। নাওবৈচাৰ সৰ্বশিক্ষা বিভাগৰ আৱাসিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত পঢ়ি থকা ফুলেশ্বৰী পায়েঙক স্থানীয় নগেন পায়েঙ, ৰেবা পায়েঙৰ নেতৃত্বত মানৱ সৰবৰাহকাৰী চক্ৰটোৱে অৰুণাচল প্ৰদেশৰ পালিনলৈ নি তিনি লাখ টকাত বিক্ৰী কৰাৰ বিষয়ে আজি পৰিয়াল আৰু স্থানীয় ৰাইজে ৰাজহুৱাকৈ অভিযোগ উত্থাপন কৰে। কিশোৰীগৰাকীক দুষ্ট চক্ৰটোৱে প্ৰলোভনেৰে নি বিক্ৰী কৰা সন্দৰ্ভত স্থানীয় নাওবৈচা আৰক্ষী চকীত অভিযোগ দিবলৈ যোৱা পৰিয়ালৰ লোকক আৰক্ষী চকীৰ জনৈক শৰ্মা উপাধিৰ সহকাৰী উপ পৰিদৰ্শকগৰাকীয়ে নিৰুদ্দেশ হোৱা বুলি এজাহাৰত লিখিবলৈ হেঁচা প্ৰয়োগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। বিষয়াগৰাকীৰ হেঁচাত ভতিজী নিৰুদ্দেশ হোৱা বুলি এজাহাৰত উল্লেখ কৰাৰ বিষয়ে জেতুকী পায়েঙ আৰু দিলিপ পায়েঙে সংবাদ মাধ্যমৰ আগত ক্ষোভ আৰু দুখেৰে প্ৰকাশ কৰি নাওবৈচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ভূমিকাকো সমালোচনা কৰে। তদুপৰি, কিশোৰীগৰাকীক অৰুণাচল প্ৰদেশত বিক্ৰী কৰাৰ খবৰ লাভ কৰি সংবাদ সংগ্ৰহৰ বাবে কঠালগুৰীত সাংবাদিকৰ দল উপস্থিত হৈ পৰিয়াল, স্থানীয় ৰাইজৰ অভিযোগ প্ৰকাশ কৰাৰ পাছত নগেন পায়েঙ নামৰ মানৱ সৰবৰাহকাৰী লোকজনে কিশোৰীগৰাকীৰ খুড়াকক নিশাৰ ভিতৰতে হত্যা কৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰি ভুক্তভোগী লোক আৰু ৰাইজে আজি লখিমপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দাখিল কৰে।। অভিযোগ অনুসৰি, নাওবৈচা আৰক্ষী চকীৰ উপ পৰিদৰ্শক,সহকাৰী পৰিদৰ্শকৰ নেতৃত্বাধীন আৰক্ষী চকীৰ প্ৰতি ইতিমধ্যে স্থানীয় ৰাইজে বিভিন্ন কাৰণত আস্থা হেৰুৱাই পেলোৱাৰ গুৰুতৰ অভিযোগো উত্থাপিত হৈছে।একাংশ দালালৰ সৈতে নাওবৈচা আৰক্ষী চকীৰ বিষয়াৰ হলিগলি, একাংশ গাঁওবুঢ়াৰূপী দালালৰ দপদপনিত আৰক্ষীৰ সহায় বিচাৰি যোৱা লোকসকল আৰ্থিকভাৱে সৰ্বস্বান্ত হোৱাৰো গুৰুতৰ ৰাজহুৱা অভিযোগ আছে। আৰক্ষী বিভাগৰ শীৰ্ষ বিষয়াই কঠোৰ স্থিতি গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে সচেতন লোকসকল। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ বৰাই জনগণৰ সৈতে সহৃদয়তা বৰ্তাই নৰখাৰ অভিযোগো শুনা গৈছে। শেহতীয়াকৈ ১২ বছৰীয়া কিশোৰীগৰাকীক বিক্ৰী কৰা ঘটনাৰ সৈতে জড়িত দুৰ্বৃত্তৰ দলটোৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰিলে নাওবৈচা আৰক্ষী চকীৰ প্ৰাংগণত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে কঠালগুৰি, গড়ছিগা অঞ্চলৰ ৰাইজে প্ৰস্তুতি চলোৱাৰ বিষয়ে জানিবলৈ দিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More