লখিমপুৰৰ পথালি পাহাৰৰ তৰাজুলিত নৈশবাছত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ

পুৰুষ মহিলা সহ  গ্ৰেপ্তাৰ -৭ 

0 6
শতাব্দ  প্ৰতিনিধি, লখিমপুৰ, ১৪ মেঃ লখিমপুৰৰ বান্দৰদেৱাত ড্ৰাগছ সহ ৭ জন পুৰুষ-মহিলাক আটক কৰিছে আৰক্ষীয়ে। লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱাত ড্ৰাগছৰ বেহা অব্যাহত আছে সেই কথা পুনৰবাৰ প্ৰমাণ হল।। মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে বিহপুৰীয়া আৰু বান্দৰদেৱা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই। জিলাখনৰ বান্দৰদেৱা আৰু হাৰমতীত গা কৰি উঠিছে ড্ৰাছৰ ৰমৰমীয়া বেহা। যোৱা নিশা প্ৰায় ২-৩০ বজাত বান্দৰ দেৱতাৰ সমীপৱৰ্তী পথালি পাহাৰৰ তৰাজুলিত গুৱাহাটীৰ পৰা মাজুলী অভিমুখী নেটৱৰ্ক -এ এচ ০১ এম চি৭৬৩৩ নম্বৰৰ নৈশ বাছখনত বান্দৰদেৱাৰ হেমা নেৱাৰ(২৩) আৰু জিৱাউল আলি (২৪) নামৰ লোক দুগৰাকীয়ে নগাঁৱৰ পৰা বান্দৰদেৱাৰ দুই নং পাৰ্ৱতীপুৰত বিক্ৰী কৰিবলৈ অনাৰ পথত বিহপুৰীয়া থানাৰ অচি উৎপল বৰা আৰু বান্দৰদেৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপন গগৈৰ নেতৃত্বত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰে। আৰক্ষীৰ অভিযানকালত দুগৰাকী মহিলা সহ মুঠ সাত জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। শেহতীয়াকৈ আৰক্ষীৰ জালত পৰা লোক কেইজন হল ক্রমে ইবুল আলি (৩২) লালুক পদ্মপুৰৰ, ৰিতুল ভূঞা (২৪)দুই নং পাৰ্ৱতীপুৰ, ৰাহুল নেৱাৰ (২৬)দ’লহাট, বাবু খান (৩৩)দুনং পাৰ্ৱতীপুৰ আৰু মায়া শৰ্মা (২৯)দুনং পাৰ্ৱতীপুৰৰ নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰে। বৰ্তমান আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে। তেওঁলোকৰ পৰা এই অভিযানত ৭ টা চাবোনৰ বাকচত মুঠ ৮০.৮৪ গ্রাম সন্দেহজনক ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বান্দৰদেৱা আৰক্ষীৰ ই এক বৃহৎ সাফল্য বুলি চচ্চা হৈছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More