লখিমপুৰৰ পানীগাঁও চাৰিআলিত বাটৰ নাট সেউজী ধৰণী

0 23

উত্তৰ লখিমপুৰ, ৫ জুনঃ পানীগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইক’ ক্লাবৰ সৌজন্যত পৰিবেশৰ প্ৰতি ভাবুকি হৈ পৰা এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিকৰ ওপৰত এখন বাটৰ নাট পৰিবেশ দিৱসৰ দিনা পৰিবেশন কৰা হয়। বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ভৃগু প্ৰসাদ শৰ্মাই ৰচনা আৰু পৰিচালনা কৰা নাট খনত অভিনয় কৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ক্ৰমে প্ৰহ্লাদ মেধি, ধ্ৰুৱজ্যোতি পাঠক, বিতু দত্ত, ভৃগু কুমাৰ হাজৰিকা, বিমান জ্যোতি দাস, প্ৰাপ্তি বৰা, বনশ্ৰী দাস, কিৰণমনি দাস, কংকনা দেৱী, জোৎস্না বৰা, বৰষা দাস, ৰুমি গুৱালাই। বাটৰ নাট পৰিবেশনৰ লগতে ৰাইজক উদ্দেশ্যি পৰিবেশৰ বাবে সচেতন হ’বলৈ বিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষা জিনা ভূঞাই তেখেতৰ বক্তব্যৰ জড়িয়তে আহ্বান জনায়। পৰিবেশ সজাগতাৰ বাবে বিদ্যালয়ৰ পৰা এক সমদল উলিওৱাৰ লগতে ছাত্ৰ ছাত্ৰীক শপত বাক্য পাঠ কৰাই বিষয় শিক্ষক বসন্ত ভূঞাই। ইয়াৰ লগতে বিদ্যালয়ৰ শিক্ষয়িত্ৰী শ্যামলী ভূঞা আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলৰ নেতৃত্বত ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, বৃক্ষ ৰোপণ কৰাৰ লগতে বিদ্যালয়ৰ NSS গোটৰ সহযোগত স্বচ্ছতা অভিযান ৰূপায়ণ কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More