লখিমপুৰৰ পাভত মানুহৰ সমাগমত আতংকিত গঁড়

গঁড়ৰ আক্ৰমণত ৩জন আহত

0 23

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১৭ জানুৱাৰীঃ লখিমপুৰ জিলাৰ পাভ সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত এলেকাত এইবাৰ গঁড়ৰ মুক্ত বিচৰণ।মুক্ত ভাৱে বিচৰণ কৰা গঁড়ৰ আক্ৰমণত তিনি জন লোক আহত হোৱা বুলি জনা গৈছে।লখিমপুৰ জিলা বনবিভাগে সদৰী কৰা অনুসৰি কাজিৰঙাৰ পৰা ওলাই অহা গঁড়জনীয়ে আজি পুৱাৰে পৰা পাভ সংৰক্ষিত বনাঞ্চলৰ আধাখনা অঞ্চলত বিচৰণ কৰি আছে।বন বিভাগে সদৰী কৰা অনুসৰি গাভিনী গঁড় জনীক উক্ত এলেকাৰ পৰা আঁতৰাই পথাবলৈ বন বিভাগে চেষ্টা অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত সফল হব পৰা নাই।বিশেষকৈ গঁড় চাবলৈ অহা হাজাৰ হাজাৰ লোকৰ সমাগম, হুলস্থুল দেখি গঁড়জনীয়ে যেনি তেনি দৌৰি ফুৰিব লগা হৈছে।যাৰ ফলত ৩জন লোকো খঙাল গঁড়জনীৰ আক্ৰমণত আহত হব লগা হৈছে।ইতিমধ্য পাভ সংৰক্ষিত বনাঞ্চলত লখিমপুৰৰ আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ গঁড়জনীক পহৰাৰ ব্যৱস্থা কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More