লখিমপুৰৰ ৫৯ খন চৰকাৰী বিদ্যালয়ত নাই এজনো ছাত্র-ছাত্রী

১৯০ খন বিদ্যালয়ত এজনীয়া শিক্ষক, ১৮ খন বিদ্যালয়ত শিক্ষক শূন্য 

0 54

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৬ জুনঃ ৰাজ্যৰ শিক্ষা ব্যৱস্থা উন্নত কৰাৰ বাবে চৰকাৰে ন ন পদক্ষেপ গ্ৰহণ কৰি অহাৰ সময়তে লখিমপুৰ জিলাত এতিয়াও বহু বিদ্যালয়ত এজনো ছাত্র-ছাত্রী অথবা এজনো শিক্ষক-শিক্ষয়িত্ৰী নথকা কাৰ্যই শিক্ষা বিভাগৰ স্বৰূপ উদঙাই তুলিছে। আজি লখিমপুৰৰ এজন দায়িত্ববাহী শীর্ষ শিক্ষা বিষয়ৰ পৰা পোৱা তথ্য অনুসৰি লখিমপুৰত এতিয়াও ৫৯খন  চৰকাৰী বিদ্যালয়ত এজনো ছাত্র-ছাত্রী নোহোৱাকৈ চলি আছে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৫৯ এল.পি. এম. ই. বিদ্যালয়ত এজনো ছাত্র-ছাত্রী নাই বুলি প্ৰাপ্ত তথ্যত প্ৰকাশ। একেদৰে জিলাখনৰ ১৮ খন প্রাথমিক বিদ্যালয়ত এজনো শিক্ষক নোহোৱাকৈ চলি আছে। জিলাখনৰ বিভিন্ন শিক্ষা খণ্ডত এনেদৰেই প্ৰাথমিক শিক্ষা ব্যৱস্থা ব্রতী আছে। একেদৰে জিলাখনৰ বিভিন্ন শিক্ষাখণ্ডৰ তথা ১৯০ খন প্রাথমিক বিদ্যালয়ত এজনীয়া শিক্ষকে পাঠদান কৰি থাকিব লগা হৈছে। এনে বিদ্যালয়ত বিশেষ কাৰণত শিক্ষকজন বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলে সেই দিনা বিদ্যালয় বন্ধ হৈ পৰে। চৰকাৰে শেহতীয়াকৈ শিক্ষক নিয়োগ কৰিছে যদিও এতিয়াও লখিমপুৰৰ দৰে এখন গুৰুত্বপূর্ণ জিলাত এতিয়াও শিক্ষকৰ বহু পদ খালী হৈ আছে। অৱশ্যে ইয়াৰে একাংশ বিদ্যালয়ক এতিয়া শিক্ষা বিভাগে কাষৰ বিদ্যালয়ত চামিল কৰাৰ বাবে চিন্তা-চৰ্চা কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More