লখিমপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত শিহৰণকাৰী দৃশ্যঃ ৬-৭ বছৰীয়া শিশুৱে দ্ৰুত গতিত বাইক চলোৱাক লৈ সর্বত্র প্রতিক্রিয়া : পলাতক-১ 

0 32

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৬ জুনঃ এইখন অসমত আৰু যেন কি নঘটে ! দেওবাৰে বিয়লি লখিমপুৰ জিলাৰ নাওবৈচাত ৰাষ্ট্ৰীয় ঘাইপথত এটি শিশুৱে দ্রুত বেগত বাইক চলাই যোৱা শিহৰণকাৰী দৃশ্যই আজি সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। ৫ জুনৰ বিয়লি ৪ মান বজাৰ এই কাণ্ড আজি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগে তোলপাৰ লাগে। প্রাপ্ত খবৰ অনুসৰি লখিমপুৰ জিলাৰ নাওবৈচাৰ চিলনীবাৰী আৰক্ষীচকীৰ অন্তৰ্গত ডিজু ৰামপুৰৰ এটি প্রায় ৬-৭ বছৰীয়া শিশুৱে তেওঁৰ খুড়াকৰ লগত ২২০ পালছাৰ মটৰ চাইকেল প্ৰায় ৫০-৬০ কিলোমিটাৰ বেগত নাওবৈচাৰ পৰা পছমৰা অভিমুখে ৰাষ্ট্ৰীয় ঘাই পথত  চলাই যোৱা ভয়ংকৰ দৃশ্য স্থানীয় এজন লোকে নিজৰ ম’বাইলত বন্দী কৰি আজি সামাজিক মাধ্যমত ভাইৰেল কৰাৰ পিছত আৰক্ষীয়ে শিশুটিৰ খুড়াকক বিচাৰি চলাথ কৰিছে যদিও ইতিমধ্যে খুড়াকে পলায়ন কৰিছে। তাৎপর্যপূর্ণ কথা যে বুকু কঁপি উঠা এই দৃশ্যই সচেতন লোকসকলক উদ্বিগ্ন কৰি তোলাৰ লগতে শিশুটিৰ খুড়াকজনে মটৰ চাইকেলখনৰ পিছৰ আসনত হাত সাৱটি বহি যোৱা দৃশ্যই সকলোকে আচৰিত কৰি তুলিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More