লখিমপুৰ আজাদত জিলা ভিত্তিত ভলীবল প্ৰতিযোগিতা

0 34

উত্তৰ লখিমপুৰ, ৩০ জানুৱাৰীঃ উদিত যুৱ সংঘৰ উদ্যোগত উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ সহযোগত দেওবাৰে আজাদ গোহাঁই টেকেলা খেলপথাৰত দিবা-নৈশ প্ৰাইজমানি ভলীবল খেল অনুষ্ঠিত কৰা হয়। উক্ত কাৰ্যসূচীৰ মূল সভাৰ আঁত ধৰে উদিত যুৱ সংঘৰ বিজু চাংমাইয়ে । কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱা ৬ বজাত সামূহিক চাফাই আৰু ৭:৩০ বজাত বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়।বৃক্ষৰোপণ কাৰ্যসূচীত বৃক্ষৰোপক হিচাপে উপস্থিত থাকে গোহাঁই টেকেলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কামেশ্বৰ চেতিয়া।WhatsApp Image 2023 01 30 at 4.39.27 PMপুৱা ৮ বজাত বাঁহপাতি আঞ্চলিক ক্ৰীড়া সংগঠনৰ সম্পাদক চক্ৰ মহন্তই পতাকা উত্তোলন আৰু গোহাঁই টেকেলা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আনন্দ চেতিয়াই স্মৃতি তৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তাৰ পিছতেই স্থানীয় বয়োজ্যেষ্ঠ লোকসকলক সম্বৰ্ধনা, শ্বটফুট প্ৰতিযোগিতা, কলগছ বগোৱা প্ৰতিযোগিতা, উঠা-বহা প্ৰতিযোগিতা, টেকেলী ভঙা প্ৰতিযোগিতা আদি কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছতে মূল কাৰ্যসূচী ভলীবল প্ৰতিযোগিতা শুভ উদ্বোধন কৰে বাঁহপতি ক্ৰীড়া সংগঠনৰ সভাপতি পদ্মেশ্বৰ চাইংমাইয়ে। ভলীবল প্ৰতিযোগিতাত উদ্বোধনী খেলত পূৱ ডিক্ৰং ছোৱালী ভলীবল দল আৰু বঙ্গালমৰা ছোৱালী ভলীবল দলে অংশগ্ৰহণ কৰে । উক্ত ভলীবল প্ৰতিযোগিতাখনিত মুখ্য পৰিচালক হিচাপে উপস্থিত থাকে শাৰীৰিক প্ৰশিক্ষক বুবুল চন্দ্ৰ দত্ত । খেলখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট ব্যৱসায়ী প্ৰশান্ত বুঢ়াগোহাঁই, গাওঁপ্ৰধান খগেন শইকীয়া, ডিম্বেশ্বৰ খনিকৰ, লখিমপুৰৰ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই, আঞ্চলিক পঞ্চায়তৰ সদস্য ধ্ৰুৱজ্যোতি শইকীয়া, বিশিষ্ট ব্যক্তি ডম্বৰু চাংমাই, প্ৰণৱী বৰুৱা চেতিয়া, উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ গাণনিক বিষয়া প্ৰৱীন কুমাৰ, ৰূপমজ্যোতি চেতিয়াৰ লগতে শতাধিক স্থানীয় লোক দৰ্শক হিচাপে উপস্থিত থাকে। ভলীবল প্ৰতিযোগিতাত ঘিলাগুৰী ভলীবল দলক হৰুৱাই ছতৰঙ্গ ভলীবল দ’ল ২-১ চেটৰ ব্যৱধানত জয়ী হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More