লখিমপুৰ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ছোনীয়া গান্ধীক ই ডিৰ জেৰাঃ ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ

0 16
শতাব্দ, লখিমপুৰ, ২২ জুলাইঃ সর্বভাৰতীয় কংগ্ৰেছ নেত্রী ছোনীয়া গান্ধীক ই ডি‍য়ে জেৰা কৰাৰ প্ৰতিবাদত আজি লখিমপুৰত কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। লখিমপুৰ জিলা কংগ্ৰেছ আৰু লখিমপুৰ জিলা যুব কংগ্ৰেছৰ নেতৃত্বত শতাধিক প্ৰতিবাদকাৰীয়ে‍ হাতে হাতে প্লেকার্ড লৈ লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয় সন্মুখত বিজেপি অপশাসন আৰু ইডিৰ কার্যত তীব্ৰ বিৰোধিতা কৰি ৰাজপথ উত্তাল কৰি তোলে। উল্লেখ্য যে আদালতে ছোনীয়া গান্ধীক ক্লিন শ্বিট দিয়াৰ পিছতো ইডিয়ে কংগ্ৰেছ নেত্রী গৰাকীক জেৰা কৰাত কংগ্ৰেছ কৰ্মীসকল ক্ষোভিত হৈ পৰাৰ লগতে আজি জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈ দীঘলীয় প্রতিবাদী সমদল উলিয়াই প্রতিবাদ জনায়। কংগ্ৰেছ নেতা গগন কৰাই কয় যে বিজেপিয়ে ইডিৰ জৰিয়তে কংগ্ৰেছ নেতাসকলক জেৰা কৰি ভাৰতবৰ্ষত অশান্ত কৰাৰ চেষ্টা কৰিছে। স্বতন্ত্র সংস্থা বিলাকক তেওঁলোকে বিধ্বস্ত কৰি পেলাইছে। বিজেপিৰ এনে অপশাসন এৰাবলৈ কংগ্ৰেছ কৰ্মীসকল বদ্ধপৰিকৰ বুলি কয়। একেদৰে লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ কার্যকৰী সভাপতি মৌচুম লাইনে কয় যে- মাননীয় ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধী ডাঙৰীয়াক আক্রোশমূলক মানসিক হাৰাশাস্তি‍ কৰি জনমানসত হেয় কৰিব বিচৰা কাৰ্য সহ্য কৰা নহ’ব আৰু অনাগত দিনত তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ দিয়ে। আজি কংগ্ৰেছ কৰ্মীসকলে জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি এনে অপশাসনৰ ওৰ পেলাবলৈ দাবী জনায়। আজিৰ এই কার্যসূচীত অসম প্রদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্রেমলাল গুৰু সহ ভালেকেইজন নেতা তথা কংগ্ৰেছ কৰ্মীয়ে অংশগ্রহণ কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More