লখিমপুৰ কেঞ্চাৰ হাস্পতালত চিলিং ভাগি পৰাৰ ঘটনা : ব্যাপক প্রতিক্রিয়া : জিলা উপায়ুক্তৰ স্বজমিন পৰিদৰ্শন

0 92

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ মেঃ কালি নিশা এজাক বৰষুণতে লখিমপুৰৰ নৱ নির্মিত কেঞ্চাৰ কেয়াৰ কেন্দ্ৰত দুখনকৈ চিলিং ভাগি পৰা ঘটনাই লখিমপুৰত যথেষ্ট প্রতিক্রিয়া সৃষ্টি কৰাৰ পিছত আজি জিলা উপায়ুক্তই চিকিৎসা কেন্দ্রত উপস্থিত হৈ স্ব-জমিন পৰিদৰ্শন কৰে। অতি নিম্ন মানেৰে এল এণ্ড টিয়ে কেঞ্চাৰ কেয়াৰ কেন্দ্রটি নির্মাণ কৰাৰ বাবেই এনেদৰে বৰষুণৰ পানী সোমাই চিলিং ভগা বুলি সর্বত্ৰ চৰ্চিত হৈছে। একেদৰে কেন্দ্ৰটিৰ মজিয়াত টাইলচ লগোৱাৰ বেলিকাও অতি নিম্নমানৰ কাম হোৱা বুলি অভিযোগ উঠিছে। ইফালে ১৫০ কোটি টকীয়া কেন্দ্রটি নির্মাণত কিবা আঁসোৱাহ ৰৈ গৈছে নেকি তাক লৈয়ো ৰাইজৰ মাজত প্রশ্ন উত্থাপিত হৈছে। আনহাতে লখিমপুৰৰ জিলা উপায়ুক্তই আজি লখিমপুৰ কেঞ্চাৰ কেয়াৰ কেন্দ্ৰত উপস্থিত হৈ চিলিং ভাগি পৰা কাৰ্যৰ স্ব-জমিন পৰিদৰ্শন কৰে। এইক্ষেত্ৰত চিকিৎসালয়খন নির্মাণত কিবা বিসংগতি আছে নেকি সেই কথা তেওঁ তদন্ত কৰিব বুলি কোৱাৰ লগতে এল এণ্ড টিৰ দৰে নামী-দামী কোম্পানীয়ে সাধাৰণতে বেয়া কাম নকৰে বুলি তেওঁ উল্লেখ কৰাৰ উপৰি চিকিৎসালয়খনত চিলিং ভাগি পৰা কামখিনি পুনৰ ভালদৰে কৰি দিব বুলি জিলা উপায়ুক্তজনে আশা প্রকাশ কৰাৰ বিপৰীতে কাম বেয়া কৰিলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয়। উল্লেখ্য যোৱা ২৮ এপ্রিলত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড়ৰ পৰা ৰাজ্যৰ আন ছখন কেঞ্চাৰ কেয়াৰ কেন্দ্ৰৰ লগতে লখিমপুৰ কেঞ্চাৰ কেয়াৰ কেন্দ্রটিও ভার্চুৱেলি শুভ মুকলি কৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More