লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আৰম্ভ

চয়নিকা তামুলী লখিমপুৰৰ লখিমী, পল্লবী শইকীয়ালৈ লখিমী বোৱাৰীৰ খিতাপ

0 92

লখিমপুৰ,২১ এপ্ৰিল: সৃষ্টি, সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তাৰে আজিৰে পৰা আৰম্ভ হৈছে ৬৪ বছৰ গৰকা লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ বিহুৰ কাৰ্যসূচী। ঐতিহ্য আৰু পৰম্পৰা অক্ষুণ্ণ ৰাখি বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চাৰিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে লখিমপুৰবাসীৰ সহযোগিতাত অনুষ্ঠিত হৈছে ৬৪ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। আজি পুৱা ৯ বজাত লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ পতাকা উত্তোলন কৰে স্থায়ী সভাপতি উদয় শংকৰ হাজৰিকাই। ৬৪ সংখ্যক লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ পতাকা উত্তোলন কৰে ৬৪ সংখ্যক লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ কাৰ্যকৰী সভাপতি লক্ষী চুতীয়াই। স্মৃতি তৰ্পণ কৰে মুখ্য সমন্বয়ক দেৱজিত মজুমদাৰ আৰু সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা সঞ্জীৱ কোঁৱৰে। ইয়াৰ পিছতে মূল তোৰণ উন্মোচন কৰে কাৰ্যকৰী সভাপতি লক্ষী চুতীয়াই । দিনৰ ১০ বজাত বয়োজ্যেষ্ঠক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা জ্ঞাপন কৰে উদ্‌যাপন সমিতিৰ সাধাৰণ সম্পাদক মানস প্ৰতীম মহন্ত, যদুমনি বৰুৱা, প্ৰাঞ্জল কোঁৱৰ আৰু ৰূপাংকৰ বৰাই। সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে কণী যুঁজ অনুষ্ঠিত হয়। ৰঙালী বিহু উদ্‌যাপনৰ লগত সংগতি ৰাখি আয়োজন কৰা “ৰঙালী হাট”ত আত্ম সহায়ক গোট সমূহ আৰু জিলাখনৰ লগতে অন্যান্য ঠাইৰ পৰা অহা প্ৰতিষ্ঠান সমূহেও ভাগ লয়। দিনৰ ১১.৩০ বজাত বিভিন্ন জাতি জনগোষ্ঠীৰ লোককৃষ্টি প্ৰদৰ্শনেৰে উলিওৱা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ক্ষীৰোদ ফুকনে। সাংস্কৃতিক শোভাযাত্ৰাত অংশ গ্ৰহণ কৰা চয়নিকা তামুলীক লখিমপুৰৰ লখিমী, পল্লবী শইকীয়াক লখিমপুৰৰ লখিমী বোৱাৰী হিচাপে নিৰ্বাচিত কৰা হয়। আনহাতে, শোভাযাত্ৰাত আলাউদ্দিনৰ চাকিক প্ৰথম, মাঘৰ বিহুক দ্বিতীয়, হনুমানৰ গন্ধমাৰ্দন পৰ্বত দঙাক তৃতীয় শ্ৰেষ্ঠ প্ৰতীক চিহ্ন হিচাপে নিৰ্বাচিত কৰা হয়। বিয়লিৰ ভাগত মইনা বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হয়। মইনা বিহুৱতী প্ৰতিযোগিতা উদ্বোধন কৰে উত্তৰ লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বীণা দত্তই। সন্ধিয়া স্থানীয় শিল্পীয়ে পৰিবেশন কৰা সংগীতানুষ্ঠান উদ্বোধন কৰে লখিমপুৰৰ বিশিষ্ট কন্ঠশিল্পী যুগান্ত গগৈয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More