লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত পুনৰ অথন্তৰ

 ৫০০ কোটি টকীয়া বিল্ডিংৰ চাদৰ পৰা এই বাৰ মজিয়াত পৰিল হোৰাহোৰে পানী

0 35
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৪ মেঃ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই ৰাজ্যৰ ২৫ খন জিলাত ২৫ খনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনেৰে অসমক ভাৰতবৰ্ষৰ ভিতৰতে চিকিৎসা শিক্ষাৰ প্ৰাণকেন্দ্ৰৰূপে গঢ়ি তুলিব বুলি ঘোষণা কৰি অহাৰ সময়তে যোৱা ১৫ ফেব্ৰুৱাৰীত শুভ উদ্বোধন কৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ভিতৰ চ’ৰাত ৰৈ যোৱা ক্ৰুটিৰ  বাবে  আজি বৰষুণৰ পানীৰে উপচি পৰে চিকিৎসা মহাবিদ্যালয়ৰ মজিয়া।  ৫০০ কোটি টকা ব্যয় সাপেক্ষে গৌতম কনষ্ট্ৰাকচনে নিৰ্মাণ কৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰতিটো ভৱনৰ বেৰসমূহত ফাট মেলাৰ খবৰ প্ৰকাশ হৈ যোৱা মাত্ৰ কেইটামান দিনৰ পিছতেই আজি চিকিৎসা মহাবিদ্যালয়খনৰ ভিতৰ চ’ৰাত একেবাৰে তলৰ মহলাত থকা আল্টাচাউণ্ড কক্ষৰ সন্মুখভাগত ওপৰ মহলাৰ চাদৰ পৰা হোৰা-হোৰে বৰষুণৰ পানী বাগৰি পৰা ঘটনাই লখিমপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে, চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰ্য চলি থকাৰ সময়তে চিকিৎসালয় আৰু প্ৰশাসনিক ভৱনৰ বেৰ তথা চাদসমূহত ফাট মেলা আঁসোৱাহ ধৰা পৰিছিল। কিন্তু নিৰ্মাণকাৰী সংস্থা গৌতম কনষ্ট্ৰাকচনে পুনৰ নিৰ্মাণ কৰাৰ ফাঁকি দি ৰং সানি ফাটবোৰ ঢাকি দিয়ে। যোৱা ১৫ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই শুভ উদ্বোধন কৰিছিল এই চিকিৎসা মহাবিদ্যালয়খন। পিচে উদ্বোধনৰ পিছৰে পৰা পুনৰায় ফাঁটসমূহ দেখা দিয়া আৰু আজি তেনে ফঁটা চাদৰ ফাঁকেৰে হোৰা-হোৰে বৰষুণৰ পানী পৰা দৃশ্যই লখিমপুৰবাসীক আতংকিত কৰি তুলিছে। আল্টাচাউণ্ড কক্ষটোৰ সন্মুখভাগত বৰষুণৰ পানী পৰাৰ লগে লগে চিকিৎসালয়ৰ ভিতৰচৰাত হুৱা-দুৱা পৰিবেশৰ সৃষ্টি হয়। উল্লেখ্য যে, চিকিৎসা মহাবিদ্যালয়খন নিৰ্মাণ কৰি থকা অৱস্থাত ব্যৱহাৰ কৰা ইটাসমূহ অতি নিম্নমানৰ বুলি গৌতম কনষ্ট্ৰাকচনৰ অভিযন্তাই স্বীকাৰ কৰিছিল। পিচে গৌতম কনষ্ট্ৰাকচনক ৰক্ষণাবেক্ষণ দিবলৈ গৈ কনষ্ট্ৰাকচনৰ বিষয়ববীয়াৰে হোৱা গোপন বুজাবুজিৰ ভিত্তিত লোক নিৰ্মাণ বিভাগৰ লখিমপুৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাগৰাকীয়ে ব্যৱহৃত বালিবোৰ বেয়া হোৱাৰ বাবেহে দেৱালৰ প্লাষ্টাৰত ফাঁট মেলা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল। এই সমগ্ৰ ঘটনাৰ পিচত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণকাৰী সংস্থা গৌতম কনষ্ট্ৰাকচনৰ ভয়ংকৰ দুৰ্নীতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More