লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ২৫ কিলোগ্ৰাম ওজনৰ টিউমাৰৰ সফল অস্ত্ৰোপচাৰ

পাঁচ বছৰে যান্ত্ৰণাত চটফটাই ফুৰিছিল ৭০ বছৰীয়া মহিলা গৰাকীয়ে

0 61

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১২ জুনঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত মঙ্গলবাৰে এগৰাকী ৭০ বছৰীয়া মহিলা ৰোগীৰ পেটৰ পৰা চিকিৎসকে অস্ত্ৰোপচাৰ কৰি এটা বৃহৎ আকাৰৰ টিউমাৰ উলিয়াবলৈ সক্ষম হয়৷ উল্লেখ্য যে বিহপুৰীয়াৰ এই মহিলাগৰাকীয়ে বিগত পাঁচ বছৰ ধৰি প্ৰায় ২৫ কিলোগ্ৰাম ওজনৰ টিউমাৰটো দেহত লৈ চটফটাই থাকিবলগীয়া হৈছিল৷ অৱশেষত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ এটা দলে মঙ্গলবাৰে মহিলাগৰাকীৰ পেটৰ পৰা এই বৃহৎ আকাৰৰ টিউমাৰটো সফল ভাৱে অস্ত্ৰোপচাৰ কৰি উলিয়াবলৈ সক্ষম হয়৷ পৰিতাপৰ কথা যে বিহপুৰীয়া এই মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি দেহত বৃহৎ আকাৰৰ টিউমাৰটো লৈ যান্ত্ৰণাত চটফটাই ফুৰিছিল আৰু চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছিল৷ মহিলাগৰাকীয়ে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈয়ো গৈছিল যদিও এই জটিল অস্ত্ৰোপচাৰ কৰাৰ বাবে চিকিৎসা মহাবিদ্যালয়খনৰ কোনো এজন চিকিৎসকেও অস্ত্ৰোপচাৰৰ সাহস কৰিব পৰা নাছিল৷ তেনেদৰে বিশ্বনাথ চাৰিআলিৰ এখন ব্যক্তিগত চিকিৎসালয়ত মহিলাগৰাকীক অস্ত্ৰোপচাৰৰ বাবে অস্ত্ৰোপচাৰ কক্ষলৈ নিয়া হৈছিল যদিও তাতো মহিলাগৰাকীক অস্ত্ৰোপচাৰ কৰিব পৰা নাছিল৷ ইয়াৰ পিছতে মহিলাগৰাকীক লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ পৰিয়ালে লৈ অনাৰ পিছত লখিমপুৰ মেডিকেল কলেজ হাস্পতাল কতৃৰ্পক্ষৰ লগতে জিলা স্বাস্থ্য বিভাগে এটি দল গঠন কৰে৷ মহাবিদ্যালয়খনৰ স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ মিলন কুমাৰ টায়েৰ নেতৃত্বত সহকাৰী অধ্যাপক ডাঃ ত্ৰিনয়ন মিলি,সহযোগী অধ্যাপক সিদ্ধাৰ্থ কোঁৱৰ,এনাছথেচিয়া বিভাগৰ সহকাৰী অধ্যাপক ডাঃ গীতু দাসকে ধৰি এটি চিকিৎসকৰ দলে মঙ্গলবাৰে মহিলাগৰাকীৰ সফল অস্ত্ৰোপচাৰ কৰিবলৈ সক্ষম হয়৷ চিকিৎসকসকলৰ লগতে স্বাস্থ্যকৰ্মীৰ বিশেষ তৎপৰতাত মহিলাগৰাকীৰ পেটৰ পৰা ২৫ কিলোগ্ৰাম ওজনৰ টিউমাৰটো উলিয়াবলৈ সক্ষম হয়৷ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এইবাৰেই প্ৰথম এনে বৃহৎ টিউমাৰৰ অস্ত্ৰোপচাৰ হোৱা বুলি চিকিৎসালয় সূত্ৰত প্ৰকাশ৷ মহিলাগৰাকীয়ে নতুন জীৱন ঘূৰাই পোৱা বুলি পৰিয়ালৰ লোকসকলে উপলব্ধি কৰি লখিমপুৰ চিকিৎসা মহাবিদ্যালয় কতৃৰ্পক্ষক ধন্যবাদ জ্ঞাপন কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More