লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰসূতি মৃত্যুৰ ঘটনাত অভিযুক্ত চিকিৎসক নিলম্বিত

পুৱাই চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্যমন্ত্রী : চিকিৎসালয়তে মন্ত্ৰীক ঘেৰাও দল-সংগঠনৰ

0 246

শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ৪ জুনঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে ক’লা অধ্যায়ৰ সৃষ্টি হোৱা ঘটনাই ৰাজ্যৰ স্বাস্থ্য বিভাগত জোকাৰণিৰ সৃষ্টি কৰে।  যোৱা ২ জুনত কইনামাই পাটগিৰি নামৰ প্ৰসূতি মহিলাগৰাকীৰ অস্ত্ৰোপচাৰ কক্ষতে মৃত্যু হোৱা ঘটনা সন্দৰ্ভত আজি পুৱাই চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হয় ৰাজাৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত। আজি স্বাস্থ্যমন্ত্রীজনক মানৱ অধিকাৰ সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আদি দল-সংগঠন সমূহে ঘেৰাও কৰি ঘটনাৰ লগত জড়িত চিকিৎসক ডাঃ ত্রিনয়ন মিলিৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি তেওঁক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।  উল্লেখ্য যে যোৱা ৩১ মেত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভর্তি হোৱা গহপুৰ ৰঙামুৰীৰ কইনামাই পাটগিৰি নামৰ প্ৰসূতি মহিলাগৰাকীক চিকিৎসালয়খনত ২ জুনত অস্ত্রোপচাৰ বাবে অস্ত্ৰোপচাৰ কক্ষত ভৰ্তি কৰা হয়। বিদ্যুৎ নথকা আৰু জেনেৰেটৰত তেল নথকাৰ বাবেই সময়মতে অস্ত্ৰোপচাৰ কৰিব নোৱৰাত গৰ্ভস্থ সন্তানসহ মহিলাগৰাকীৰ অস্ত্ৰোপচাৰ কক্ষতে কৰুণ মৃত্যু ঘটে। এই সন্দৰ্ভত মহিলাগৰাকীৰ স্বামীয়ে উত্তৰ লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰাত জিলা উপায়ুক্তই ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা কৰে। ইফালে এই ঘটনাৰ পিছতে আজি লখিমপুৰত স্বাস্থ্যমন্ত্রী উপস্থিত হোৱাৰ পিছত চিকিৎসালয় কর্তৃপক্ষ আৰু চিকিৎসক ডাঃ ত্রিনয়ন মিলিৰ হেমাহীৰ বাবেই প্রসূতি মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি স্বাস্থ্য মন্ত্ৰীক বিভিন্ন দল-সংগঠনে অভিযোগ দাখিল কৰে। আজি অসমীয়া যুব মঞ্চই মহাবিদ্যালয়ৰ সন্মুখতে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মাছ’ৰ কেন্দ্ৰীয় সচিব ৰাজু সিংহ, জিলা সমিতিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ চুমু দত্ত, জিলাৰ ভাৰপ্ৰাপ্ত সচিব হেমন্ত ফুকনকে ধৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি হিৰণ্য দত্ত, সাধাৰণ সম্পাদক খগেন হাজৰিকাই মৃত মহিলাগৰাকীৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ আৰু দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। লখিমপুৰ মেডিকেল কলেজ কর্তৃপক্ষৰ গাফিলতিৰ বাবেই মহিলা মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি উঠা অভিযোগ সদৰ্ভত আজি স্বাস্থ্য মন্ত্ৰীজনে চাক্ষুষ বুজ লৈ ঘটনা সন্দৰ্ভত মেডিকেল কর্তৃপক্ষক ধমক দিয়ে। স্বাস্থ্যমন্ত্রী মহন্তই মহিলাগৰাকী কি পৰিস্থিতিত মৃত্যু হ’বলৈ পালে সেই সন্দৰ্ভত  সকলো অনুসন্ধান কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি দল-সংগঠনসমূহক অৱগত কৰে। ইফালে অবাঞ্চিত ঘটনাটোৰ সবিশেষ বুজ লৈ স্বাস্থ্য মন্ত্ৰীজন গহপুৰ অভিমুখে ৰাওনা হৈ মৃত মহিলাগৰাকীৰ ঘৰত উপস্থিত হৈ সাংবাদিকৰ আগত ঘটনাৰ লগত জড়িত চিকিৎসক ত্রিনয়ন মিলিক নিলম্বিত কৰা বুলি ঘোষণা কৰে। তদুপৰি কইনামাই পাটগিৰিৰ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা ৩ লাখ টকাৰ সাহায্য প্ৰদান কৰা হব বুলি ঘোষণা কৰে। আনহাতে চিকিৎসা মহাবিদ্যালয়খনৰ নৱ নিৰ্মিত ভৱনত ফাট মেলা আৰু কেঞ্চাৰ কেয়াৰ কেন্দ্ৰৰ চিলিং খহি পৰা ঘটনাৰ উচিত তদন্ত কৰা হ’ব বুলি কয়। আজি মন্ত্ৰীজনৰ লগত ৰাজ্যৰ চিকিৎ‍সা বিভাগৰ শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মণো উপস্থিত থাকে। মন্ত্রীজনে আজি লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদ পৰিদৰ্শন কৰি চিকিৎসাধীন ৰোগীৰে মত বিনিময় কৰে। অহা ৮ জুনত তেওঁ পুনৰ চিকিৎসা মন্ত্ৰবিদ্যালয়খনত পচিালনা সমিতিৰ বৈঠক অনুষ্ঠিত কৰি ইয়াৰ পৰিচালনা ব্যৱস্থা পর্যালোচনা কৰিব বুলি কয়। 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More