লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত আজৱ কাণ্ডঃ নিশাৰ ভিতৰতে ল’ৰাৰ সলনি মাতৃৰ বুকুত সোমাল কন্যা সন্তান 

0 60

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ জুন : অথন্তৰে লগ নেৰা লখিমপুৰ নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়ত এইবাৰ ঘটিল অন্য এক আজব ঘটনা। চিকিৎসা মহাবিদ্যালয়খনত ল’ৰা সন্তান জন্ম হোৱাৰ পিছত নিশাটোৰ ভিতৰতে অভিভাৱকে কন্যা সন্তান লাভ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণীত প্রকাশ যে লখিমপুৰৰ সমীপৱৰ্তী ঘাৰমৰাৰ চয়নিকা দাস নামৰ এগৰাকী প্রসূতিয়ে শনিবাৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শিশু আৰু মাতৃ মঙ্গল কেন্দ্রত এটি পুত্র সন্তান জন্ম দিয়ে। প্রসূতি মহিলাগৰাকীক চিকিৎসক আৰু নাৰ্চেও তেওঁ পুত্ৰ সন্তান জন্ম দিয়া বুলি অৱগত কৰাৰ লগতে চিকিৎসালয়ৰ নথিপত্ৰতো প্রসূতি গৰাকীয়ে ল’ৰা সন্তান জন্ম দিয়া বুলি লিপিবদ্ধ হয়। তাৎপর্যপূর্ণ কথা যে, আজি পুৱা চিকিৎসালয়খনতে মাতৃ চয়নিকা দাসে শিশুটিৰ গাৰ কাপোৰ আঁতৰাই ভালদৰে প্ৰত্যক্ষ কৰাত তেওঁৰ কোলাত থকা কেঁচুৱাটি কন্যা বুলি প্রতীয়মান হয়। লগে লগে মহিলাগৰাকীৰ অভিভাৱকে বিষয়টি চিকিৎসালয় কর্তৃপক্ষক অৱগত কৰে। এই ঘটনাৰ পিছতে চিকিৎসালয়খনত এক হুৱাদুৱা পৰিবেশৰ সৃষ্টি হয়। ইতিমধ্যে নিশাটোৰ ভিতৰতে পুত্ৰ সন্তানৰ ঠাইত কেনেদৰে মাতৃৰ কোলালৈ কন্যা সন্তান আহিল সেই সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষই আৰক্ষীক এজাহাৰ দিয়াৰ লগতে শিশুটিৰ ডি. এন.এ. পৰীক্ষাৰো ব্যৱস্থা কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More