লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত গাড়ী পাৰ্কিঙৰ নামত মাচুল সংগ্ৰহক লৈ ব্যাপক প্ৰতিক্ৰিয়া

ৰোগী কঢ়িওৱা গাড়ীৰ পৰাও মাচুল সংগ্ৰহ

0 21

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২০ অক্টোবৰ ; লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত গাড়ী পাৰ্কিংৰ নামত হাস্পতালৰ চৌহদৰ বিভিন্ন এলেকাত গুৱাহাটীস্থিত চলিউচন নৰ্থ ইষ্ট নামৰ এটা কোম্পানীয়ে মাচুল সংগ্ৰহক কৰাক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই ক্ষেত্ৰত কোম্পানীটোৰ জৰিয়তে অসম চৰকাৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় চৌহদৰ গেটৰ সন্মুখত হাস্পতাললৈ অহা যোৱা কৰা ৰোগী আৰু ৰোগী কঢ়িওৱা গাড়ীৰ পৰা পাৰ্কিঙৰ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰা হৈছে । চিকিৎসালয়ত এনেদৰে মাছুল সংগ্ৰহ কৰা কাৰ্যক অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সচিব অনুপম শইকীয়াই গৰিহণা জনোৱাৰ লগতে যিহেতু, লখিমপুৰ জিলাৰ সৰহ সংখ্যক দৰিদ্ৰ জনসাধাৰণে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিবলৈ আহে তেনেস্থলত উক্ত চিকিৎসা মহাবিদ্যালয়ত পাৰ্কিঙৰ বাবে প্ৰতি ঘন্টাত গধুৰ যানবাহনৰ বাবে ৩০ টকা, চাৰিচকীয়া সৰু গাড়ীৰ বাবে ২০ টকা, টেম্পু, ই-ৰিক্সা আদিৰ বাবে ১০ টকা, মটৰ চাইকেলৰ বাবে ৫ টকা ধাৰ্য কৰাৰ উপৰি অতিৰিক্ত প্রতি ঘন্টাত ইয়াৰ মাচুল দুগুণকৈ বৃদ্ধি পাব বুলি জনোৱা হৈছে । ফলত চিকিৎসা গ্ৰহণ কৰিবলৈ অহা ৰোগীৰ এতিয়া নিজৰ প্ৰয়োজনীয় ঔষধ কিনিব নে যানবাহনৰ পাৰ্কিঙৰ মাচুল দিব সেয়া বিচার্য বিষয় হৈ পৰিছে । তাৰ উপৰি ৰোগী তথা ৰোগীৰ আত্মীয়ই যদি দিনটোত ২-৩ বাৰকৈ অহাযোৱা কৰিব লগা হয় তেন্তে দিনটোত তেওঁলোক অতিৰিক্ত মাছুল আদায় কৰিব লাগিব ফলত দুখীয়া ৰোগী তথা ৰোগীৰ আত্মীয়ৰ সমস্যা অধিক বৃদ্ধি পাব। এজন সংকটজনক ৰোগীয়ে যদি ৪-৫ দিনকৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ থাকিবলগীয়া হয় তেন্তে তেওঁ ঔষধ কিনাতকৈ পাৰ্কিঙৰ মাছুল আদায় কৰাতহে অধিক ব্যয় কৰিব লাগিব।সিয়ে লখিমপুৰবাসী জনসাধাৰণৰ পৰা পাৰ্কিঙৰ নামত যি ধন সংগ্ৰহ কৰি ৰাইজক মাধমাৰ শোধাব বিচাৰিছে এয়া অতি দুৰ্ভাগ্যজনক। সেয়েহে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত পার্কিং মাছুল সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আহ্বান জনাইছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More