লখিমপুৰ জিলাত দুই বিদ্যালয় চামিলকৰণ

0 70

নাৰায়ণপুৰ, ২৮ এপ্ৰিল: বিদ্যালয় চামিলকৰণ প্ৰক্ৰিয়াৰ অধীনত আজি লখিমপুৰ জিলাৰ তিনটিয়া আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত পূৱ বহুপথাৰ প্ৰাথমিক বিদ্যালয়খন চামিল কৰা হয়। অসম চৰকাৰৰ শিক্ষা বিভাগৰ পত্ৰ নং ASE.25/2022/226 অধীনত আজি চামিলকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰা হয়। এই লৈ তিনটিয়া আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰাত:সভাতেই বিশেষভাৱে ছাত্ৰ,শিক্ষক আৰু পৰিচালনা সমিতিৰ উপস্থিতিত এটি আদৰণি অনুষ্ঠানৰো আয়োজন কৰা হয়। উল্লেখযোগ্য যে তিনটিয়া আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱনিযুক্ত পৰিচালনা সমিতিৰ সভাপতি মুক্তাৰ আলী আৰু উপ সভাপতি ভদ্ৰেশ্বৰী দুৱৰাও উক্ত অনুষ্ঠানটিত উপস্থিত থাকি বিদ্যালয়খন পৰিদৰ্শন কৰাৰ লগতে শিক্ষকসকলৰ লগত এখন বৈঠকত মিলিত হয়।অনাগত দিনত বিদ্যালয়খন অঞ্চলটোৰ ভিতৰতে এখন অগ্ৰণী বিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰিবলৈ শিক্ষক ছাত্ৰ আৰু অভিভাৱকৰ সমন্বিত প্ৰচেষ্টা থাকিবই লাগিব বুলি সভাপতিগৰাকীয়ে মত ব্যক্ত কৰে। অনুষ্ঠানত নৱাগত শিক্ষক চিম্পলী বৰা, মহেন্দ্ৰ দুৱৰা, প্ৰদীপ দাস আৰু কৰ্মচাৰী বিজু কোঁৱৰ, যমুনা কোঁৱৰৰ লগতে পৰিচালনা সমিতিৰ সভাপতি মৃদুল গগৈক উষ্ণ আদৰণি জনোৱা হয়। প্ৰধান শিক্ষক ৰমেন দুৱৰাই আঁত ধৰা অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা গীত পৰিৱেশনৰ আৰু গুৰু সেৱা কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More